ETV Bharat / state

ছেভ পবা ৰেইন ফৰেষ্টৰ উদ্যোগত সজাগতা সভা

author img

By

Published : Apr 12, 2021, 8:54 PM IST

ধেমাজিৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ উদ্যোগত সজাগতা সভাৰ আয়োজন কৰা হয় ৷ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ লগতে চৰাই, অৰ্কিড সংৰক্ষণ আৰু থলুৱা মাছৰ বংশবৃদ্ধিৰ বাবে প্ৰজননৰ সময়ত মীন আইন পালন কৰা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে আয়োজন কৰা হয় এই সভাৰ ৷

awarness-program-organized-by-save-poba-rain-forest-ngo
জোনাইত 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ উদ্যোগত সজাগতা সভা সম্পন্ন

জোনাই,12 এপ্ৰিল: ধেমাজিৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ উদ্যোগত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ লগতে চৰাই, অৰ্কিড সংৰক্ষণ আৰু থলুৱা মাছৰ বংশবৃদ্ধিৰ বাবে প্ৰজননৰ সময়ত মীন আইন পালন কৰা সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হয় ৷ সোমবাৰে বৰ্ষাৰণ্য পবা বনাঞ্চলৰ দাঁতিকাষৰীয়া ৰিগবি গাঁৱৰ সমূহীয়া ভৱনত অনুষ্ঠিত কৰা হয় সজাগতা সভাখন ।

ধেমাজিৰ অতিৰিক্ত উপায়ুক্ত, বিশিষ্ট কবি, প্ৰকৃতিপ্ৰেমী উৎপল দলেয়ে 'বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা বনাঞ্চলৰ সুৰক্ষাৰ লগতে চৰাই, অৰ্কিড সংৰক্ষণ' শীৰ্ষক বিষয়ৰ ওপৰত নিজৰ ভাষণ প্ৰদান কৰে ৷ বৰ্ষাৰণ্য পবা বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ উন্নীত কৰি সুৰক্ষা প্ৰদানৰ লগতে পৰ্যটন উদ্যোগ গঢ়ি তুলিলে জোনাই অঞ্চললৈ বিকাশ আহিব বুলি মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

ইপিনে সমল ব্যক্তি তথা প্ৰকৃতিকৰ্মী নবীন কামানে ভবিষ্যত প্ৰজন্মৰ বাবে বাসোপযোগী পৃথিৱীৰ বাবে পৰিৱেশ সুৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ 'থলুৱা মাছৰ বংশবৃদ্ধিৰ বাবে প্ৰজননৰ সময়ত অসম মীন আইন-1953 আৰু মীন পোনা 2005 আইনৰ পালন' শীৰ্ষক বিষয়ৰ ওপৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ধেমাজি জিলা মীন উন্নয়ন বিষয়া লক্ষীনাথ লাগাছুৱে বিভিন্ন বিল, জলাশয়, নদীত নিৰ্বিচাৰে মাছ মৰাৰ ফলত থলুৱা মাছৰ বহু প্ৰজাতি লুপ্তপ্ৰায় হোৱা বুলি মন্তব্য কৰে ৷ লগতে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ মাছৰ প্ৰজনন সময়ত কঠোৰভাৱে মীন আইন পালন কৰি থলুৱা মাছৰ বংশ বৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰে চাহিদা পূৰণ কৰিব আহ্বান জনায় ।

সভাত ৰিগবি গাঁৱৰ গাঁওবুঢ়া প্ৰদীপ মদি, চিলে গাঁৱৰ গাঁওবুঢ়া অশোষঙাতে, ৰিগবি গাঁৱৰ যৌথ বন পৰিচালনা সমিতিৰ সভাপতি জয়গেশ্বৰ মৰাং, বাৰ্ড মেম্বাৰ ৰঞ্জিতা মৰাং, ৰেখা মৰাং, প্ৰকৃতিকৰ্মী তোষেশ্বৰ আগৰৱালা, লেখন মৰাং, বিশিষ্ট লেখকক ভবানন্দ কলিতা, ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা ৰাজীৱ পেগু, টি এম পি কেৰ জোনাই জিলা সমিতিৰ সদস্য ধৰ্মেন মিলি, বিপুল টাইদ, চিলে আঞ্চলিক সমিতিৰ সম্পাদক মণিকান্ত মিলি আদিয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ।

লগতে পঢ়ক: ৰঙালীক আদৰিবলৈ কলিয়াবৰত সাজু হৈছে বিভিন্ন বিহু দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.