ETV Bharat / state

পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত যুৱকৰ সজাগতামূলক যাত্ৰা

author img

By

Published : Mar 22, 2022, 11:25 AM IST

১৯২৪ চনতে বৃটিছে সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া পবা অসমৰ অন্যতম পুৰণি সংৰক্ষিত বনাঞ্চল (Poba Reserve Forest) ৷ বহু সমল, সভ্যতা নিজৰ বুকুত বহন কৰা পবা আজি সংকটৰ গৰাহত ৷ যাক সুৰক্ষা দিয়াৰ স্বাৰ্থত সজাগতামূলক যাত্ৰা বাহিৰ কৰে জোনাইৰ এদল যুৱকে ৷

awareness programme to protect poba reserve forest
জোনাইৰ যুৱকৰ সজাগতামূলক যাত্ৰা

জোনাই, 22 মাৰ্চ: জনসাধাৰণ জীয়াই থাকিবলৈ হ’লে প্ৰকৃতি সুৰক্ষাৰ যে নিতান্তই প্ৰয়োজন, সেয়া হয়তো আজিৰ সমাজৰ অধিকাংশ লোকেই বুজি উঠিছে ৷ যাৰ বাবে অভয়াৰণ্যসমূহক বচাবলৈ উঠি-পৰি লাগিছে নৱপ্ৰজন্ম ৷ শেহতীয়াকৈ পবা সংৰক্ষিত বনাঞ্চল (Poba Reserve Forest) ৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিল এদল যুৱক ৷

১৯২৪ চনতে বৃটিছে সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা দিয়া পবা অসমৰ অন্যতম পুৰণি সংৰক্ষিত বনাঞ্চল ৷ বহু সমল, সভ্যতা নিজৰ বুকুত বহন কৰা পবা আজি সংকটৰ গৰাহত (Poba reserve forest in the heat of crisis) ৷ নিঃশেষ হোৱাৰ পথত পবা ৷ শতিকা গৰকিবলৈ আৰু দুটা বছৰ বাকী থকা “পবা” ৰাজনৈতিক বঞ্চনাৰ এক জীৱন্ত সাক্ষী বুলিলেও হয়তো ভুল কোৱা নহ’ব ৷

জোনাইৰ যুৱকৰ সজাগতামূলক যাত্ৰা

জোনাইবাসী ৰাইজৰ হৈ এটা যুৱকৰ দলে পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য ঘোষণাৰ লগতে ইয়াক সুৰক্ষা প্ৰদানৰ দাবীত বাহিৰ কৰে এটি সজাগতামূলক যাত্ৰা (Awareness program for protecting Poba Reserve Forest) ৷ এই সময়চোৱাত যুৱকৰ দলটোৱে পৰিভ্ৰমণ কৰে উজনি অসমৰ কেইখনমান জিলা ৷

দেওবাৰে পুৱা যুৱকৰ দলটোৱে জোনাইৰ তিনিমাইল ঘাটত উপস্থিত হৈ জোনাই সদৰৰ পৰা বগীবিল হৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট হৈ গোলাঘাট দিশে ৰাওনা হয় ৷ জানিব পৰা মতে, যুৱকৰ দলটোৱে এৰাতি কাজিৰঙাত জিৰণি লৈ পুনৰ সোমবাৰে কলিয়াভোমোৰা দলং অতিক্ৰমী তেজপুৰ, বিশ্বনাত চাৰিআলি, বান্দৰদেৱা, লখিমপুৰ, ধেমাজিত উপস্থিত হোৱাৰ পিছত জোনাইত এই কাৰ্যসূচীৰ সামৰণি মাৰে ৷

লগতে চাওক: পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.