ETV Bharat / state

জোনাইত আছুৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন - সদৌ অসম ছাত্ৰ সন্থা

চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভাৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয় । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে |

জোনাইত আছুৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন
author img

By

Published : Sep 27, 2019, 11:36 PM IST

জোনাই, ২৭ ছেপ্টেম্বৰঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু জোনাই বাসীৰ সহযোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে অসম-অৰুণাচল সীমান্তৱৰ্তী জোনাইত অনুষ্ঠিত হ'বলগীয়া সাধাৰণ সভাৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয় । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পুৱা ১০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে সাধাৰণ সভাৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন কৰে |

জোনাইত আছুৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন

শুকুৰবাৰৰ অনুষ্ঠানত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা, জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে জোনাইৰ বহুতো গন্য মান্য লোক লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ৷

Intro:Body:

জোনাইত  আছুৰ সাধাৰণ সভাৰ  মাঙ্গলিক কাৰ্য্যসুচীৰে লাইখুঁটা স্থাপন 

জোনাই  ২৭, ছেপ্টেম্বৰ

সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু জোনাই বাসীৰ সহযোগত চাৰিদিনয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পোন প্ৰথম বাৰৰ বাবে অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইত অনুষ্ঠিত হবলগীয়া সাধাৰণ সভাৰ আজি লাইখুটা স্থাপন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পুৱা ১০ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে সাধাৰণ সভাৰ মূল মণ্ডপৰ লাইখুঁটা স্থাপন  কৰে| আজিৰ অনুষ্ঠানত   অভ্যৰ্থনা সমিতিৰ সভাপতি ড° হৰকান্ত পেগু, অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ, ইউএনবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়ো,সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক কৃষ্ণ দাস অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰি সভাপতি সুৰুজ কুমাৰ দলে, সদৌ অসম ধেমাজি জিলা ছাত্ৰ সন্থাৰ, জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ম কৰ্তাৰ লগতে জোনাইৰ বহুতো গন্য মান্য লোক লাইখুটা স্থাপন অনুষ্ঠানত শতাধিক লোক উপস্থিত থকা  সাধাৰণ সভাৰ মূল মণ্ডপৰ লাইখুটা স্থাপনত বিভিন্ন পৰম্পৰাগত ৰীতি- নীতিৰ  মাংগলিক অনুষ্ঠানৰ  জৰিয়তে লাইখুঁটা স্থাপন কৰা অনুষ্ঠানত  মিচিং গুমৰাগ দলৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংস্কৃতি দলে নৃত্য পৰিৱেশন কৰে| অহা ২৩, ২৪, ২৫ আৰু ২৬ অক্টোবৰত সদৌ  অসম ছাত্ৰ সন্থাৰ প্ৰায় চাৰি সহস্ৰধিক প্ৰতিনিধিৰ লগতে বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি, শিল্পী, কলা কৌশলীৰ উপস্থিতৰ লগতে প্ৰায় লক্ষ্যাধিক লোকৰ সমাগম হ'বলগীয়া সাধাৰণ সভাত ধেমাজি জিলাৰ মান-মৰ্যদা গৰিমা অক্ষুন্ন ৰখাৰ লগতে জিলা খনৰ বিভিন্ন সমস্যা আৰু সম্ভাৱনাপূৰ্ণ দিশসমূহ সকলোৰে আগত দাঙি ধৰিব পৰাকৈ প্ৰয়োজনীয় পদক্ষেপ লবলৈ জিলাখনৰ প্ৰতিজন নাগৰিকৰে সহায় সহযোগিতা কামনা কৰিছে লগতে  সমূহ অসমবাসীৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে।

কৰবী দলে জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.