ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ধেমাজিৰ খেলুৱৈ

ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় অসমৰ দুই খেলুৱৈয়ে (Assam youth won bronze in National Senior Weightlifting) ৷ পাপুল চাংমাইয়ে পুৰুষৰ ৮১ কেজি শাখাত আৰু দিতিমণি সোণোৱালে ছোৱালীৰ ৬৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ৷

dhemaji player successful national weightlifting championship
ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ধেমাজিৰ খেলুৱৈ
author img

By

Published : Mar 28, 2022, 2:10 PM IST

ধেমাজি, ২৮ মাৰ্চ : ৰাষ্ট্ৰীয় চিনিয়ৰ ভাৰত্তোলন আন্তঃৰাজ্যিক প্ৰতিযোগিতাত(National Senior Weightlifting Competition) পুনৰ উজ্বলি উঠিল দুগৰাকীকৈ ধেমাজিৰ প্ৰতিভাৱান খেলুৱৈ । ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ধেমাজিৰ বাটঘৰীয়াৰ পাপুল চাংমাইয়ে ৮১ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ সমান্তৰালকৈ ছোৱালী শাখাত দিতিমণি সোণোৱালে ৬৪ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Assam youth won bronze in National Senior Weightlifting) ।

উল্লেখ্য যে, ধেমাজিৰ সন্তান পাপুল চাংমায়ে বাটঘৰীয়া এটা ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় সেনা বাহিনীৰ পুণেত কৰ্মসুত্ৰে থকাৰ লগতে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সফলতা অৰ্জন কৰিছে ৷ ইয়াৰ বিপৰীতে এটা অভাৱী পৰিয়ালৰ এগৰাকী সুযোগ্যা কন্যা সন্তান দিতিমণি সোণোৱাল বৰ্তমান পঞ্জাৱৰ পাটিয়ালাস্থিত Netaji subhash national Institute of patiala ৰ SAI National center of Exelency Patiala Center ত প্ৰস্তুতি চলাই আছে আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে ।

ধেমাজিৰ দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যৰ বাতৰিয়ে পৰিয়ালৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজৰ মুখত হাঁহি বিৰিঙায়াইছে । দুয়োগৰাকী খেলুৱৈক ইতিমধ্যে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে । ইফালে এই প্ৰতিযোগিতাখনিত সফলতাৰে পদক লাভ কৰি খুবেই আনন্দিত বুলি মনৰ ভাৱ প্ৰকাশ কৰে খেলুৱৈ দুগৰাকীয়ে ।

লগতে পঢ়ক: কলগাছিয়াত ভাৰত বন্ধৰ সমৰ্থকক আটক

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.