ETV Bharat / state

জীয়াঢলত চপৰা-চপৰে খহিছে গৰা, শংকিত গঞা - ধেমাজি

ধেমাজিৰ জীয়াঢল নৈয়ে বিগত কেইবাদিন ধৰি কুমটীয়া নদীৰ সোঁপাৰৰ মথাউৰি অভয়পুৰ অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ চপৰা-চপৰে খহিছে গৰা । আতংকিত স্থানীয় ৰাইজে মথাউৰিটোত গছ ,বাঁহ কাটি প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ ওলাই আহিছে ।

জীয়াঢলত চপৰা-চপৰে খহাইছে গৰা, সংকিত গঞা
author img

By

Published : Jul 25, 2019, 11:24 AM IST

ধেমাজি, ২৫ জুলাইঃ ধেমাজিত জীয়াঢলৰ গৰাখহনীয়াই মাতিছে বিপদ । বানৰ পিছতে কেইবাখনো খৰস্ৰোতা নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে ধেমাজিবাসীলৈ ।

ধেমাজিৰ জীয়াঢলৰ নৈয়ে বিগত কেইবাদিন ধৰি কুমটীয়া নদীৰ সোঁপাৰৰ মথাউৰি অভয়পুৰ অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ চপৰা-চপৰে খহাইছে গৰা । জিলাখনৰ গোগামুখ বৰদলনিৰ মথাউৰিটো ছিগিলে বানত ডুব যাব চল্লিশ খনৰো অধিক গাঁও । সেয়ে আতংকিত হৈ স্থানীয় ৰাইজে মথাউৰিটোত গছ ,বাঁহ কাটি প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ ওলাই আহিছে । অতি শীঘ্ৰে চৰকাৰ তথা প্ৰশাসনক উক্ত গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে , নহ’লে যিকোনো মুহূৰ্ততে মথাউৰিটো ছিগি সমগ্ৰ ধেমাজি পানীত ডুব যাব পাৰে বুলি শংকিত হৈছে স্থানীয় ৰাইজ ।

জীয়াঢলত চপৰা-চপৰে খহাইছে গৰা, সংকিত গঞা

লগতে আন এটা বাতৰি - ৰাজ্যৰ ২০ খনকৈ জিলা পুনৰ বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৭৫ লৈ বৃদ্ধি

Intro:ধেমাজিত জীয়াঢলৰ গৰাখহনীয়াই মাতিছে বিপদ

Body:ধেমাজি 25 জুলাই : বানৰ পিছতে কেইবাখনো খৰস্ৰোতা নৈৰ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে ধেমাজিবাসীলৈ । ধেমাজিৰ চকুলোখ্যাত জীয়ঢল নৈয়ে বিগত কেইবাদিন ধৰি কুমটীয়া নদীৰ সোঁপাৰৰ মথাউৰি অভয়পুৰ অংশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ চপৰা চফৰা চপৰে খহাইছে গৰা । জিলাখনৰ গোগামুখ ৰাজহচক্ৰকে ধৰি বৃহত্তৰ বৰদলনি ৰক্ষা কৱজ এই মথাউৰিটো ছিগিলে বানত ডুব যাব চল্লিশ খনৰো অধিক গাওঁ । সেয়ে আতংকিত হৈ পৰা স্থানীয় ৰাইজে গছ , বাঁ হ কাটি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত
হৈছে ।

Conclusion:স্থানীয় ৰাইজৰ মতে পুনৰ বৰষুণ ৰ ফলত পানী বৃদ্ধি পালে আৰু গৰাখহনীয়া অব্যাহত থাকিলে আৰু সংশ্লিষ্ট বিভাগে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন নকৰিলে যিকোনো মুহূৰ্ততে ছিগিব পাৰে কুমটীয়াৰ অভয়পুৰৰ অংশত মথাউৰিটো ।

byte...1..,2.....3

PTC

pradunya Bharali ...., Dhemaji, etv Bharat , Assam, 25/7/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.