জোনাই, ২৬ জুন: জোনাইৰ ১ নং চন্তপুৰৰ একাংশ স্থানীয় ব্যৱসায়ীয়ে এটা বিধ্বস্ত পথ অৰুণাচলী ৰাইজৰ সহযোগত মেৰামতি কৰি গঢ়িছে সমন্বয়ৰ সেঁতু । যি সময়ত অসম-অৰুণাচলৰ মাজত সীমা সমস্যাক লৈ সংঘাতৰ সৃষ্টি হৈছে এনে সময়তে জোনাইৰ সীমান্তত দুই ৰাজ্যৰ মাজত গঢ়িছে এক সমন্বয়ৰ সেঁতু ৷ জোনাইৰ চিগা পঞ্চায়তৰ অন্তৰ্গত ১ নং চন্তপুৰৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা প্ৰায় ৬ শ মিটাৰ বিধ্বস্ত এটা পথ অৰুণাচলীৰ শিল-বালি সাহায্যৰে একাংশ স্থানীয় ব্যৱসায়ীয়ে নিজা শ্ৰমদানেৰে আৰম্ভ কৰিছে মেৰামতি ৷
জানিব পৰামতে জোনাই সীমান্তৰ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ অন্তৰ্গত দেপি, দেঃতাগ, মলি, দেবিং আদি কেইবাখনো অৰুণাচলী গাঁৱৰ ৰাইজে বহিঃজগতৰ সৈতে দৈনিক যোগাযোগ অব্যাহত ৰাখিছে জোনাইৰ ১ নং চন্তপুৰ হৈ ৷ তেনেদৰে জোনাইৰ চিগা অঞ্চলৰ শতাধিক স্থানীয় যুৱকে দৈনিক সীমান্তৰ অৰুণাচলৰ উল্লেখিত গাঁওসমূহৰ পৰা আদা, তামোল, শাক-পাচলি আদি ক্ৰয় কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি দীৰ্ঘ বছৰৰ পৰা চলাই আহিছে এক লাভজনক ব্যৱসায় ৷
কিন্তু ১ নং চন্তপুৰৰ পৰা অৰুণাচল সীমান্তলৈ যোৱা পথচোৱা অতি বিধ্বস্ত হোৱাৰ ফলত সাধাৰণ এজাক বৰষুণতে সৃষ্টি হয় পুখুৰী সদৃশ গাঁতৰ ৷ যাৰ ফলত স্থানীয় ব্যৱসায়ী আৰু অৰুণাচলী ৰাইজে যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ভুগি আহিছে চৰম যাতনা ৷ এনেবোৰ সমস্যাৰ দেওবাৰে এনেদৰে স্থানীয় ব্যৱসায়ীসকলে নিজা দান-বৰঙণিৰে আৰু অৰুণাচলৰ দেপি,দেঃতাগ,মলি আদি গাঁৱৰ ৰাইজৰ শিল-বালি দান বৰঙনিৰে ১৫ খন ট্ৰেক্টৰেৰে টানি পথটোৰ পুখুৰী সদৃশ গাঁতত পেলাই মেৰামতিত নামিছে বিধ্বস্ত পথচোৱা ৷
জানিব পৰামতে পথচোৱা ২০২১-২২ বিত্তীয় বৰ্ষতে জিলা পৰিষদৰ অধীনত আঁচনি ৰূপায়ণ কৰিছিল যদিও পথচোৱা সঠিকভাৱে ৰূপায়ণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ অসম চৰকাৰ কিম্বা জনপ্ৰতিনিধিলৈ আশা নকৰি স্থানীয় যুৱ ব্যৱসায়ী সকলে সীমান্তৰ অৰুণাচলীৰ সহযোগত এনেদৰে নিজৰ দান-বৰঙনিৰে বিধ্বস্ত পথ মেৰামতি কৰা কাৰ্যই দাঙি ধৰিছে অসম-অৰুণাচলৰ সমন্বয়ৰ অন্য এক নিদৰ্শন ৷ ইফালে বিধ্বস্ত পথছোৱা শীঘ্ৰে পকীকৰণ কৰিবলৈ দাবী জনাইছে সীমান্তবাসী ৰাইজে ৷
লগতে পঢ়ক: Lawyer Bhava Goswami criticises BJP: BJP ক সমালোচনা আইনজীৱী ভৱ গোস্বামীৰ