ETV Bharat / state

CAA ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল জোনাই - anti caa protest in jonai

CAA ৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিবাদ ৷ ৰাজ্যজুৰি CAA বিৰোধী শ্ল'গানেৰে পুনৰ আকাশ বতাহ উত্তাল হৈ থকাৰ মাজতে জোনাইত জোঁৰ সমদল বাহিৰ কৰি এই আইন মানি নোলোৱাৰ হুংকাৰ জোনাইবাসীৰ ৷

jonai caa protest news
CAA ৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত উত্তাল জোনাই
author img

By

Published : Dec 13, 2020, 8:37 AM IST

জোনাই, 13 ডিচেম্বৰ: ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিবাদক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খন নাগৰিকত্ব সংশোধনী আইন হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ ক'ৰণা অতিমাৰীসৃষ্ট পৰিৱেশৰ বাবে এই আন্দোলন কিছু ম্লান পৰা দেখা গৈছিল যদিও ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আইনৰ বিৰোধীতাৰে বিভিন্ন দল সংগঠনে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷

শনিবাৰে জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই আঞ্চলিক ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনৰ সহযোগত জোঁৰ সমদল বাহিৰ শতাধিক লোকে CAA বিৰোধী শ্ল'গানেৰে জোনাইৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷

অসমত এজনো বিদেশীক সংস্থাপন নিদিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ

শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত CAA বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈয়ে কয় যে CAA গৃহীত হোৱাৰ এবছৰ হ'ব যদিও অসমৰ ৰাইজে কা মানি লোৱা নাই আৰু ভৱিষ্যতেও অসমৰ ৰাইজে কা মানি নলয় ৷ অসমত এজনো বিদেশীক সংস্থাপন দিয়া ন'হব বুলিও গগৈয়ে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: CAA আন্দোলন : এবছৰৰ পাচতো নিৰ্বিকাৰ শাসনৰ গাদীত অধিষ্ঠিতসকল

12 ডিচেম্বৰৰ দিনটো অসম আৰু অসমীয়াৰ বাবে এক ক'লা অধ্যায় বুলি আখ্যা দি ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মাই কয় যে যদিও চৰকাৰে ইতিমধ্যে কা আন্দোলন শেষ হৈছে বুলি ক'ব বিচাৰিছে প্ৰকৃতাৰ্থত কা আন্দোলন এতিয়াও শেষ হোৱা নাই ৷ অসমীয়া সত্তা প্ৰতিগৰাকী অসমীয়াই দেহত শেষ বিন্দু তেজ থকা পৰ্যন্ত কা-ৰ বিৰুদ্ধে মাত মাতি যাব বুলিও শৰ্মাই হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী আন্দোলন

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে বাহিৰ হোৱা এই প্ৰতিবাদী জোঁৰ সমদলৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে জোনাই চহৰ উত্তাল কৰি তোলে ৷ উক্ত কাৰ্যসূচীত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, প্ৰচাৰ সম্পাদক কৈলাশ মিৰি, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জীত বসুমতাৰী, উপ সভাপতি কল্লোল কোঁৱৰ, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতিম বৰা, বাহিৰ জোনাই আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মেদিনী দলে, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ দাস, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ উপদেষ্টা নীল গগৈ, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি তথা অন্য বহু সংগঠন আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: CAA ৰ বিৰোধিতাৰে NESO ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.