ধেমাজি,22 মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান এতিয়া তুংগত উঠিছে ৷ ৰাজ্যলৈ প্ৰতিদিনে আগমন ঘটিছে ষ্টাৰ কেপ্তেইনাৰৰ ৷ সোমবাৰে ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই সভাখন অনুষ্ঠিত হয় চিলাপথাৰৰ ৰেচিডেন্সীয়েল বিদ্যালয়ৰ প্ৰাংগণত ৷
এই সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই সভাপতিত্ব কৰাৰ লগতে আদৰণি ভাষণ আগবঢ়াই জোনাই সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন পেগুৱে ৷ ইয়াৰ পিচতেই লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই বক্তব্য ৰাখে ৷ দুপৰীয়া দেশৰ গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰদান কৰে ৷ এই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সমষ্টিটোৰ প্ৰাৰ্থী ভূৱন পেগুক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছ চৰকাৰখনৰ কাম-কাজক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷
অন্য এক খবৰৰ বাবে: হোজাইত পথ দুৰ্ঘটনা