ETV Bharat / state

PMAY scam in Jonai: জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি - Scam in Jonai Block

জোনাইত পঞ্চায়তে পঞ্চায়তে লুণ্ঠনৰাজ (PMAY scam in Jonai)। লুণ্ঠনৰাজৰ নেতৃত্বত ৱাৰ্ডৰ সদস্য থকাৰ অভিযোগ । চৰকাৰী ঘৰ দিয়াৰ নামত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ৫০০-৪০০০ টকা সংগ্ৰহ ৱাৰ্ড সদস্য আৰু পঞ্চায়ত প্ৰতিনিধিৰ ।

PMAY scam in Jonai
জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি
author img

By

Published : Apr 20, 2023, 10:04 AM IST

জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

জোনাই,২০ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Panchayat scam)। চৰকাৰী আঁচনিৰ নামত ৰাইজক লুণ্ঠন কৰিছে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰু পঞ্চায়তৰ প্ৰতিনিধিয়ে । প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ নামতো বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে । চৰকাৰী ঘৰ দিয়াৰ নামত ধন সংগ্ৰহত নামিছে একাংশ পঞ্চায়ত প্ৰতিনিধি ।

উৎকোচ দিলেহে দৰিদ্ৰ হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা ল'ব পাৰে । আগধন নিদিয়াসকলক আঁচনিৰ পৰা বঞ্চিত কৰা হয় । এই ধৰণৰ ব্যাপক কেলেংকাৰী আৰু অনিয়ম সংঘটিত হৈছে ধেমাজি জিলাৰ বিভিন্ন গাঁও পঞ্চায়তত । সংবাদ মাধ্যমৰ সন্মুখত ভুক্তভোগী হিতাধিকাৰীসকলে স্বীকাৰ কৰিছে এই কেলেংকাৰীৰ কথা ।

বিশেষকৈ জোনাইৰ মূৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেইবাখনো পঞ্চায়তত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম (Scam in Jonai Block)। জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ড আৰু ৭ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে একপি ফটো তোলাৰ নামত ৫০০ টকাৰ পৰা ১০০০ টকাকৈ সংগ্ৰহ কৰিছে ।

ইয়াৰ উপৰিও প্ৰথম কিস্তিৰ ধন মোকলাই দিয়াৰ নামতো প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা ৪০০০ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । ইফালে দ্বিতীয় কিস্তিৰ ধন মোকলাই দিয়াৰ নামতো ধন দাবী কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে । অন্যথা তালিকাৰ পৰা নাম কৰ্তন কৰাৰো ভয় ভাবুকি প্ৰদান কৰিছে ৱাৰ্ড সদস্যসকলে । ৱাৰ্ড সদস্যৰ এনে কৰ্মকাণ্ডই এতিয়া আচৰিত কৰি তুলিছে সচেতন ৰাইজক (PMAY Scam in Jonai)।

যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে সেই সময়তে এতিয়া গাঁও পঞ্চায়তবোৰত এই ধৰণৰ অনিয়ম আৰু কেলেংকাৰী সংঘটিত হৈছে । দুৰ্নীতিত জড়িত হৈ পৰিছে পঞ্চায়তৰ প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী । এইসকল দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে চৰকাৰ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? দৰিদ্ৰসকলক লুণ্ঠন চলোৱাসকলে শাস্তি পাব নে ?

লগতে পঢ়ক :Anganwadi Centres in Rangia: ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.