ETV Bharat / state

AIKS protest: পঞ্চায়তে পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

author img

By

Published : Jan 4, 2023, 8:15 PM IST

ৰাজ্য চৰকাৰে জিলাই জিলাই ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে যদিও ধান বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকল ৷ একাংশ মধ্যভোগীৰ বাবেও ধান উচিত মূল্যত ধান বিক্ৰী কৰিব পৰা নাই কৃষকে ৷ ধেমাজিত পঞ্চায়তে পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবীৰে প্ৰতিবাদ নিখিল ভাৰত কৃষক সভাৰ ৷

AIKS protest
পঞ্চায়তে পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবীৰে ধেমাজীত প্ৰতিবাদ

ধেমাজি, 4জানুৱাৰী: ৰাজ্যৰ কৃষকসকলক সকাহ দিয়াৰ নামত জিলাই জিলাই চৰকাৰে ধান ক্ৰয় কেন্দ্ৰ(Paddy Procurement Centers) স্থাপন কৰিছে যদিও সেয়া কাৰ্যতঃ প্ৰহসনত পৰিণত হৈছে ৷ কাৰণ মধ্যভোগী ব্যৱসায়ীয়ে বহু অঞ্চলত ধান ক্ৰয় বন্ধ কৰিছে ৷ ফলত হাহাকাৰ কৰিব লগীয়া হৈছে কৃষকসকলে ৷ যাৰ বাবে ধেমাজিত পঞ্চায়তে পঞ্চায়তে ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবীৰে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নিখিল ভাৰত কৃষক সভাই(All India Kisan Sabha) ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নূন্যতম সমৰ্থন মূল্যতকৈ(Minimum Support Price) ধান ক্ৰয় কৰিলেই ব্যৱসায়ীসকলক সকীয়নি প্ৰদান কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ(CM Himanta Biswa Sarma) সকীয়নিৰ পিছতেই বহু ধান ক্ৰয় কেন্দ্ৰত নিৰ্ধাৰিত মূল্যতকৈ কম মূল্যত ধান ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ চৰকাৰে প্ৰতি কুইণ্টল ধান ২০৪০ টকাত ক্ৰয় কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে যদিও ধান ক্ৰয় কেন্দ্ৰ গ্ৰামাঞ্চলত নোহোৱাৰ বাবে কৃষকসকল উপযুক্ত দামৰপৰা বঞ্চিত হ’বলগীয়া হৈছে ৷ ফলত বিপদত পৰিছে ৰাজ্যৰ কৃষকসকল ৷

বিশেষকৈ ধান ক্ৰয় কেন্দ্ৰত কৃষকে ধান বেচিবলৈ বহু নথি জমা দিব লাগে ৷ কিন্তু কৃষকজনৰ প্ৰয়োজনীয় নথিসমূহ নথকাত কেতবোৰ অসুবিধাৰ বাবেই গ্ৰামাঞ্চলৰ কৃষকে মধ্যভোগী ব্যৱসায়ীক যথেষ্ট কম মূল্যত ধান বিক্ৰী কৰিবলগীয়া হয় ৷ শেহতীয়াকৈ স্থানীয় ব্যৱসায়ীসকলেও ধান ক্ৰয় নকৰাত স্থানীয় কৃষিজীৱী লোকসকলৰ মাজত হাহাকাৰ লাগিছে ৷ ধানৰ বজাৰৰ অভাৱত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে কৃষকসকলৰ মাজত ৷

কৃষকসকলৰ এই সমস্যা সমাধানৰ দাবীৰে নিখিল ভাৰত কৃষক সভাই ধেমাজি আঞ্চলিক সমিতিৰ সহযোগত চিৰিপানিত ৰাজপথত ধান লৈ প্ৰতিবাদ সাব্যস্ত কৰে(AIKS protest in Dhemaji) ৷ ধান বিক্ৰী কেন্দ্ৰৰ বাবে কৃষকসকলে ভূগি থকা এই সমস্যা সমাধান কৰিবলৈ প্ৰতিটো পঞ্চায়ততে এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী উত্থাপন কৰিছে নিখিল ভাৰত কৃষক সভাই(Demand of Paddy Procurement Centers in Panchayat) ৷ এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ নিখিল ভাৰত কৃষক সভাৰ ৷

‘পথাৰো আমাৰ বজাৰো আমাৰ’ বুলি কোৱা চৰকাৰখনক কৃষকৰ বাবে এখন বজাৰ ব্যৱস্থা কৰি দিয়াৰ দাবী কৃষক সংগঠনটোৰ( Paddy Procurement Centers in Assam) ৷ চৰকাৰক সহজ প্ৰক্ৰিয়াৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিবলৈয়ো আহ্বান নিখিল ভাৰত কৃষক সভাৰ ৷

লগতে পঢ়ক: Adaroni Service Drivers Protest: আদৰণি সেৱা পুনৰ প্ৰৱৰ্তনৰ দাবীত অনিৰ্দিষ্টকালীন অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.