ETV Bharat / state

ধেমাজিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী - এজেপি

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ সোমবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে ধেমাজিত আয়োজন কৰে এক যোগদান কাৰ্যসূচী ৷

ajp-joining-meeting
ধেমাজিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী
author img

By

Published : Jan 21, 2021, 10:14 PM IST

ধেমাজি, 21 জানুৱাৰী : অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে ভৰালীচুকস্থিত জিলা মুখ্য কাৰ্যালয়ত এখন যোগদান সভা অনুষ্ঠিত হয় ৷ ধেমাজিৰ জিলাৰ মুখ্য আহ্বায়ক ভৱিষ্য দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অসম জাতীয় পৰিষদত যোগদান কৰে ৷

ধেমাজিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী

ধেমাজিত অনুষ্ঠিত উক্ত যোগদান সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীও উপস্থিত থাকে ৷ সভাত ভাষণ প্ৰদান কৰি জাতিটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত সমগ্ৰ অসমত জাতি, ধৰ্ম আৰু বৰ্ণ নিবিশেষে জাতীয় পৰিষদত যোগদান কৰিছে বুলি মন্তব্য কৰে বসুমতাৰীয়ে ৷

তদুপৰি বিজেপি চৰকাৰে চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক যুৱতীক প্ৰলোভন দি ৰাজনীতি কৰিছে বুলি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উক্ত সভাত জিলাৰ মুখ্য আহ্বায়ক দেৱেন দত্তসহ অন্যান্য বিষযববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক: বিধানসভা নিৰ্বাচনঃ ফেব্ৰুৱাৰীত আসনৰ ভাগ-বটোৱাৰা বিজেপি-অগপৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.