ধেমাজি, 21 আগষ্ট: যোৱা 11 আগষ্টত ধেমাজি জিলাৰ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সহ দুই অধ্যাপকে সুৰাপান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল ৷ তাৰ পিচতে মহাবিদ্যালয়খনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত এনেদৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ সহ দুই অধ্যাপকে সুৰাপান কৰা ভিডিঅ’টো সংবাদ মাধ্যমত ভাইৰেল হোৱাৰ পিচতেই ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই তদন্ত কৰাৰ দাবী কৰি প্ৰতিবাদ কৰিছিল ৷ এই ঘটনাক একমুখে গৰিহনা দিছিল ছাত্ৰ সমাজে ৷
ইয়াৰ পিচতে প্ৰায় 10 দিনৰ অন্তত সোমবাৰে ধেমাজি প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সহ দুই অধ্যাপকে ৷ সংবাদমেলখনত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভিতৰৰে একাংশই আক্ৰোশমূলকভাৱে গোপনে মহাবিদ্যালয় চৌহদৰ বাহিৰত হোৱা ব্যক্তিগত দৃশ্য গোপনে ৰেকৰ্ডিং কৰি ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ চন্দ্ৰ কোঁৱৰে ৷
11 আগষ্টত ধেমাজি বাণিজ্য মহাবিদ্যালয়ত গৰ্ভনিং বৰ্ডিৰ সভাৰ পিচত মহাবিদ্যালয়ৰ চৌহদত এনে কোনো আপত্তিজনক ঘটনা হোৱা নাছিল বুলি সংবাদমেলত দাবী কৰিছে অধ্যক্ষগৰাকীয়ে ৷ ভাইৰেল হোৱা দৃশ্য সম্পূৰ্ণ একান্ত ব্যক্তিগত আছিল আৰু মহাবিদ্যালয় চৌহদৰ বাহিৰৰ আৰু কলেজ সময়ৰ পিচৰ আছিল বুলি মন্তব্য প্ৰকাশ কৰে ৷
বৰঞ্চ সেইদিনা সন্ধিয়া 6 বজাত মহাবিদ্যালয়ৰ চৌহদৰ বাহিৰত হোৱা ব্যক্তিগত আলোচনাৰ দৃশ্য গোপনে কেমেৰা কৰি ভাইৰেল কৰিছিল একাংশই বুলি উল্লেখ কৰে তিনি অভিযুক্তই ৷ ইতিমধ্যে গোপনে কেমেৰাৰে ব্যক্তিগত দৃশ্য ভাইৰেল কৰা ব্যক্তিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ কথা সংবাদমেলত প্ৰকাশ কৰে অভিযুক্ত শিক্ষক কেইগৰাকীয়ে ৷
লগতে পঢ়ক: Dhemaji college girl missing: ধেমাজিত কলেজীয়া ছাত্ৰী সন্ধানহীন