ETV Bharat / state

চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

author img

By

Published : Nov 7, 2020, 7:32 PM IST

ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ দীৰ্ঘদিনৰ পৰা ৰাজহ চক্ৰ কাৰ্যালয়টোত সংঘটিত হৈ থকা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ন্যায়িক তদন্তৰ দাবী ধেমাজি জিলা ছাত্ৰ সন্থাৰ ৷

চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

ধেমাজি,7 নৱেম্বৰ: ৰাজহ চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদ ৷ দীৰ্ঘদিনৰ পৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত সংঘটিত হৈ থকা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ন্যায়িক তদন্তৰ দাবীত শনিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৷ ৰাজহ চক্ৰ বিষয়া গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি গ্ৰেপ্তাৰৰ দাবী জনায় ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধেমাজি জিলাৰ চাৰিওটা ৰাজহ চক্ৰ কাৰ্যালয়ত বিভিন্ন কাম কাজৰ নামত কাৰ্যালয় বিষয়া কৰ্মচাৰীসকলে ব্যাপক অনিয়ম, অৰাজকতাৰে লুণ্ঠন চলাই আহিছে । যাৰ ফলত কৃষক, সাধাৰণ নাগৰিকে কাম কৰিবলৈ গৈ হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে উপঢৌকন বিচৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ধন নিদিলে যেন গা নল'ৰে বিষয়া কৰ্মচাৰীৰ । আনহে নালাগে ছাত্ৰ ছাত্ৰীসকলে পি আৰ চি এখন উলিয়াবলৈ যাওতেও অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে । তাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে ধেমাজি জিলা ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ন্যায়িক তদন্তৰো দাবী জনাইছে ৷

লগতে পঢ়ক: মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.