ETV Bharat / state

গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যুতিথি পালন - সমাজ সংস্কাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম

দেওবাৰে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত ধৰ্মীয় গুৰু তথা সমাজ সংস্কাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যু তিথি পালন কৰে ৷ দিনযোৰা কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন আৰু প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন কৰাৰ লগতে অখণ্ড যজ্ঞ আৰু যজ্ঞ আহুতিৰ আয়োজন কৰে মন্দিৰ কমিটিসমূহে ৷

শ্ৰদ্ধাঞ্জলি,যজ্ঞ আহুতিৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যুতিথি পালন

author img

By

Published : May 10, 2021, 7:54 AM IST

জোনাই, 10 মে': ব্ৰহ্ম ধৰ্মীয় লোকসকলে দেওবাৰে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত ধৰ্মীয় গুৰু তথা সমাজ সংস্কাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যু তিথি পালন কৰে ৷ চিমেন চাপৰি আঞ্চলিক ব্ৰহ্ম ধৰ্ম মন্দিৰত ধৰ্মধ্বজা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ সভাপতি ৰাখেৱ নাৰ্জাৰীয়ে ধৰ্মধ্বজা উত্তোলন কৰাৰ পাচত সমিতিৰ প্ৰধান প্ৰচাৰক লীলাকান্ত ব্ৰহ্মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্ৰদ্ধাঞ্জলি,যজ্ঞ আহুতিৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যুতিথি পালন
শ্ৰদ্ধাঞ্জলি,যজ্ঞ আহুতিৰে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যুতিথি পালন

ইয়াৰ লগতে জোনাইৰ ২ নং মাইদাংশ্ৰী গাঁৱৰ ব্ৰহ্ম মন্দিৰ, শিলিখাগুৰী গাঁৱৰ ব্ৰহ্ম মন্দিৰ, দিপা ন-নাৰীত গাঁৱৰ ধেমাজি আঞ্চলিক ব্ৰহ্ম মন্দিৰ আৰু মিংমাঙৰ ১নং সোনাপুৰ গাঁৱতো ধৰ্মীয় গুৰু তথা সমাজ সংস্কাৰক গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ৮৪ সংখ্যক মৃত্যু তিথি পালন কৰা হয় ৷ এই অনুষ্ঠানত প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অখণ্ড যজ্ঞ আৰু যজ্ঞ আহুতিৰ আয়োজন কৰে মন্দিৰ কমিটিসমূহে ৷

লগতে পঢ়ক: নিশাটোৰ ভিতৰতে চাৰখাৰ হ’ল তেজপুৰৰ চ’ক বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.