ETV Bharat / state

ধেমাজি সাহিত্য সভাৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 7:38 PM IST

ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷ সোমবাৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় সভা আৰু বঁটা বিতৰণ অনুষ্ঠানৰ ৷

66th Foundation Day of Dhemaji Sahitya Sabha
আজি ধেমাজি সাহিত্য সভাৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস

ধেমাজি, 20 নৱেম্বৰ : আজি ধেমাজি সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস ৷ অসম সাহিত্য সভাৰ ভিতৰত অধিক সক্ৰিয় শাখা হিচাপে পৰিচিত ধেমাজি সাহিত্য সভাৰ 66 সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে অতি উলহ মালহেৰে পালন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় এক সভা আৰু বঁটা বিতৰণ অনুষ্ঠানৰ ৷

পুৱা 9 বজাত ধেমাজি সাহিত্য সভাৰ শাখা সভাপতি লক্ষী বৰগোহাঁইয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাচতে বিভিন্ন কাৰ্যসূচী আৰম্ভ হয় ৷ উক্ত সভাত উপস্থিত থাকে ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বগেন গগৈ, ধেমাজি সাহিত্য সভাৰ উপ-সভাপতি উষা বৰগোহাঁই, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েংগীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷ ইফালে শ্বহীদ মনজিত গগৈৰ প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ কৰে ধেমাজিৰ বিশিষ্ট সমাজসেৱক মুহি বৰগোহাঁয়ে ৷

দিনৰ ভাগত অনুষ্ঠিত মুকলি সভাত ভাষণ আগবঢ়াই মিচিং স্বায়ত্তশাসিত পৰিষদৰ সভাপতি পৰমানন্দ চায়েংগীয়াই ৷ ধেমাজি সাহিত্য সভাৰ প্ৰয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি অসমীয়া সাহিত্য জগতলৈ ধেমাজি সাহিত্য সভাই আগবঢ়োৱা বৰঙণিক ভূয়সী প্ৰশংসা কৰে ৷ আনহাতে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দীপেন দত্তই 2004 চনৰ 15 আগষ্টত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা নৃশংস ঘটনাক সোঁৱৰণ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰতিভাবান ছাত্ৰ শ্বহীদ মনজিত গগৈৰ গুণ গৰিমাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ৷

আনহাতে সভাত ধেমাজি সাহিত্য সভাই প্ৰকাশ কৰা আৰু ঝৰ্ণা বুঢ়াগোহাঁইয়ে সম্পাদনা কৰা ‘‘বছৰৰ ধেমাজি কবিতা, ২০২২’’ শীৰ্ষক কবিতা সংকল উন্মোচন কৰে বিশিষ্ট কবি নবীন কামানে ৷ বিপৰীতে মনজিত গগৈ সোঁৱৰণী গল্প প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক:জোনাইত অনুষ্ঠিত কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰতিনিধি সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.