জোনাই, 8 জানুৱাৰী: ধেমাজি জিলাৰ জোনাই মহকুমাৰ 2নং মূৰ্কংচেলেক কমলপুৰ গাঁওৰক্ষী বাহিনীৰ(Kamalpur Village Defence Party) 42 সংখ্যাক প্ৰতিষ্ঠা দিৱস শনিবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় । প্ৰতিষ্ঠা দিৱসক লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰত পৰিণত হয় সমগ্ৰ কমলপুৰ অঞ্চল ৷
2নং মূৰ্কংচেলেক(No 2 Murkongselek) জয়গুৰু মন্দিৰৰ প্ৰাংগনত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ সভাত সভাপতিত্ব কৰে জোনাই আঞ্চলিক পঞ্চায়তৰ সদস্য কমলা শৰ্মাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে 2নং মূৰ্কংচেলেক কমলপুৰ গাঁৱৰক্ষী বাহিনীৰ সভাপতি সত্য হাজৰিকাই( Murkongselek Kamalpur Village Defence Party establish day) । অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমাৰ আৰক্ষী বিষয়া ভাৰ্গৱ মুনি দাস ৷
প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি আৰক্ষী বিষয়া ভাৰ্গৱ মুনি দাসে (Bhargab Muni Das) আৰক্ষী আৰু গাওঁৰক্ষী বাহিনীৰ ভূমিকাৰ সম্পৰ্কে ৰাইজত আগত ভাষণ প্ৰদান কৰে ৷ ইয়াৰোপৰি, আৰক্ষী বিষয়াগৰাকীয়ে মদ, ভাং, ড্ৰাগছ আদিৰ পৰা যুৱপ্ৰজন্মক উদ্ধাৰৰ বাবে সকলোলোককে সজাগ আৰু সচেতন হৈ আৰক্ষীক সহায়-সহযোগিতা আগবঢ়াই যোৱাৰ আহ্বান জনায় ৷
ইফালে, মুকলি সভাত উপস্থিত থাকি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ(Mising Autonomous Council) সদস্য নৰেশ কুম্বাঙে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । বিশেষকৈ অন্ধবিশ্বাস, বাল্যবিবাহ, কুসংস্কাৰৰ পৰা বৰ্তমান প্ৰজন্মক উদ্ধাৰৰ বাবে সকলোকে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায় ।
অনুষ্ঠানৰ মুকলি সভাত জোনাই থানাৰ আৰক্ষী বিষয়া নেত্ৰ কমল শইকীয়াই(OC Netra Kamal Saikia) অংশগ্ৰহণ কৰি কয়, ‘‘2021 চনত জোনাই থানাত মুঠ 48 টা ড্ৰাগছ সম্পৰ্কীয় গোচৰ ৰুজু কৰা হয় । গোচৰৰ ভিত্তি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত 45 জনক গ্ৰেপ্তাৰ কৰা হয় ।" লগতে আৰক্ষী বিষয়াগৰাকীয়ে ড্ৰাগছ, ভাং ব্যৱসায় আদিৰ সৈতে জড়িত ব্যক্তিক আত্মসমর্পণ কৰি মুলসুঁতিলৈ ঘূৰি অহাৰো আহ্বান জনায় । সময় থাকোতেই মুলসুঁতিলৈ ঘূৰি নাহিলে তাৰ পৰিণাম ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।
আনহাতে, দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি এক সাংস্কৃতিক সমন্বয় ক্ষেত্ৰলৈ পৰিবৰ্তন কৰে কমলপুৰ অঞ্চল । বিশেষকৈ বিহুৰ লগতে মিচিং, বড়ো, গোৰ্খা, সোণোৱালকছাৰী, ৰাভা, হাজং, ৰাজবংশীৰ সাংস্কৃতিক দলৰ বাৰেবৰণীয়া নৃত্যই সকলোৰে মন মুগ্ধ কৰি তোলে ।
2নং মূৰ্কংচেলেক কমলপুৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ধেমাজি জিলাৰ অসম গাঁৱৰক্ষী বাহিনীৰ জিলা সংগঠক দিলীপ হাজৰিকা, জোনাই আৰক্ষী থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি কেশৱ শৰ্মা, সম্পাদক ৰুনোজ পাতিৰ, জোনাই আৰক্ষী থানা গাঁৱৰক্ষী বাহিনীৰ উপদেষ্টা মণ্ডলী, জোনাই আৰক্ষী থানাৰ অন্তৰ্গত 85খন গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদকৰ লগতে প্ৰায় পাচঁ শতাধিক ৰাইজ উপস্থিত থাকে ।
লগতে পঢ়ক: Woman body rescued in Jonai: বাসগৃহৰ পৰা গলিত অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ