ETV Bharat / state

মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ - মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ কাৰ্যসূচী

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগত "মুহি চন্দ্ৰ মিৰি বনানীকৰণ অভিযান ২০২০-৩০" লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত ১৫৪ জোপা গছপুলি ৰোপণ কৰা হয় (154 trees planted in Murkangchelek College) ৷ এই অনুষ্ঠানত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ চৌহদত নাচপতি, কঁঠাল, শিলিখা , সোণাৰু , জলফাই , আমলখি আৰু বগৰীকে ধৰি কেইবাটাও জাতৰ গছ পুলি ৰোপন কৰে ৷

154 trees planted in  Murkangchelek College
মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ কাৰ্যসূচী
author img

By

Published : Aug 19, 2022, 2:25 PM IST

জোনাই, ১৯ আগষ্ট: অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দ্বাৰা ৰাজ্যজুৰি আৰম্ভ কৰা "মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানিক বৃক্ষৰোপন কাৰ্য্যসূচী"ৰ অধীনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মূৰ্কংচেলেক মহাবিদ্যালয়ৰ সহযোগত "মুহি চন্দ্ৰ মিৰি বনানিকৰণ অভিযান ২০২০-৩০" লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্ৰাংগনত ১৫৪ জোপা গছপুলি ৰোপণ কৰা হয় (154 trees planted in Murkangchelek College) ৷ এই অনুষ্ঠানত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ চৌহদত নাচপতি, কঁঠাল, শিলিখা , সোণাৰু , জলফাই , আমলখি আৰু বগৰীকে ধৰি কেইবাটাও জাতৰ গছ পুলি ৰোপন কৰে ৷

মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাংগণত 154 জোপা গছপুলি ৰোপণ কাৰ্যসূচী

গছপুলি ৰোপণৰ শুভাৰম্ভ কৰি জোনাই বনাঞ্চলিক বিষয়া মুকুট ৰাভাই কয় গছপুলি ৰোপণ কৰি তাক আদৰ-যত্ন কৰি লালন-পালন কৰাটো আমাৰ কৰ্তব্য ৷ সেয়ে অধিক গছপুলি ৰোপণ কৰাৰ লগতে বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদক সুৰক্ষা প্ৰদান কৰি প্ৰাকৃতিক পৰিৱেশ সৰ্বাংগসুন্দৰ কৰি ৰাখিব লাগে ৷

সেউজীয়া ধৰণী ধুনীয়া হোৱাৰ লক্ষ্যৰে প্ৰতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰাজু মেদক,জলসম্পদ বিভাগৰ কাৰ্য্যবাহী সদস্য নৰেশ কুম্বাং, সাধাৰণ সদস্য পদুম ৰায়, টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং,টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি বড়ি পাতিৰ উপস্থিত থাকে ৷ এই কাৰ্য্যসূচী সফল ৰূপায়ণ কৰাৰ স্বাৰ্থত টিএমপিকে,এমএমকে,টিএমএমকেৰ জোনাই জিলা সমিতিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷

ইপিনে একেই কাৰ্য্যসূচীৰ আধাৰত ডেকাপাম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আম,জামু,কঁঠাল, লিচু আদি কেবাটাও জাতৰ ফলমূলৰ পুলি ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,ভৱানী দুৱৰা, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, ববীকান্ত পেগুয়ে৷ অনুষ্ঠানত ডেকাপাম জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গোপীৰাম দলে, ডেকাপাম গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰী,কাউঞ্চিলৰ কুঞ্জ পেগু,টিএমপিকেৰ সদস্য কলীয়া পেগু, এমএমকেৰ জোনাই জিলা সমিতিৰ সম্পাদক সদানন্দ পেগু, ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী উপস্থিত থাকে।

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ সুদৃঢ় কৰাৰ পৰিকল্পনা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.