দৰং, 1 ছেপ্টেম্বৰ "হাগ্ৰামা মহিলাৰি এজন কমেদিয়ান। হাগ্ৰামা মহিলাৰিৰ বাবে বিটিচিবাসীয়ে লাজ পাইছে" মঙলবাৰে ওডালগুৰিত উপস্থিত হৈ এই মন্তব্য কৰে UPPL দলৰ সভাপতি প্ৰমোদ বড়োৱে । ওডালগুৰি জিলাৰ টংলাৰ বিটিচি ৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিত অনুষ্ঠিত UPPL দলৰ যোগদান কাৰ্যসূচীত উপস্থিত হয় দলটোৰ সভাপতিগৰাকী ।
লগতে পঢ়কঃ নগাঁৱত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ
বড়ো ভূমিত বিজেপি দলৰ ওপৰিও অন্য দলৰ 50 জনতকৈ অধিক লোকে UPPL দলত যোগদান কৰে । দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে ১৭ বছৰ বিটিচিত শাসন কৰা হাগ্ৰামা মহিলাৰিক সমালোচনা কৰি তেওঁক কমেদিয়ান আখ্যা দিয়ে । আনহাতে হাগ্ৰামাৰ বাবেই বিটিচি বাসীয়ে লাজত পৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে প্ৰমোড বড়োৱে ।
BTR চুক্তি অপ্ৰাসংগিক বুলি হাগ্ৰামাই কৰা মন্তব্যক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে UPPL দলৰ সভাপতিগৰাকীয়ে । এনে মন্তব্যই চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থকা গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আনকি প্ৰধানমন্ত্ৰীকো অপমান কৰিছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰমোড বড়োৱে । ইয়াৰোপৰি এইবেলি ৰাইজে বিটিচিত পৰিৱৰ্তন বিচাৰিছে । সেয়ে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ কাম কৰা, ৰাইজৰ চিন্তা কৰা এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ বিটিচিত আহিব বুলি মন্তব্য প্ৰকাশ কৰে UPPL দলৰ সভাপতিগৰাকীয়ে ।