ETV Bharat / state

দলগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আহত দুজন

খাৰুপেটীয়াৰ আৰিমাৰিত দেৱানী মাতব্বৰৰ গুণ্ডা ৰাজ । জোৰ জবৰদস্তি কাটিলে পকা ধান । ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণত এজনৰ মৃত্যু, দুজন গুৰুতৰ ভাৱে আহত । খাৰুপেটীয়া থানাত গোচৰ ৰুজু ।

dalgaon murder
দলগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আহত দুজন
author img

By

Published : Dec 3, 2020, 10:18 PM IST

দলগাঁও, ৩ ডিচেম্বৰ : দৰঙৰ একাংশ চৰাঞ্চলত এতিয়াও অব্যাহত আছে দেৱানী মাতব্বৰৰ গুণ্ডা ৰাজ । তেনে এক ঘটনা সংঘটিত হৈছে খাৰুপেটীয়া থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰি গাঁৱত । ঘটনা অনুসৰি যোৱা ৩০ নবেম্বৰৰ পুৱা খাৰুপেটীয়াৰ ৪ নং আৰিমাৰিত গাঁৱত কদম আলী, হুছেইন আলী আৰু আবেজুদ্দিনৰ নেতৃত্বত ২০-২৫ জনীয়া এটা দলে হাতে হাতে ৰড, লাঠি আদিৰে সু সজ্জিত হৈ জোৰ জবৰদস্তি পকা ধান কাটি লৈ যাবলৈ ধৰাত বাধা প্ৰদান কৰে কৃষক আক্কাচ আলীৰ পৰিয়ালে । উক্ত কাৰ্যত বৃহৎ দলটোৱে লাঠি ৰড আদিৰে আক্ৰমণ কৰে আক্কাচ আলীৰ লগতে পুত্ৰ হাছমত আলী আৰু পুত্ৰ বোৱাৰী মচিলা খাতুনক । ফলত আক্কাচ আলীৰ লগতে গুৰুতৰ ভাৱে আহত হয় হাছমত আলী আৰু মচিলা খাতুন ।

দলগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আহত দুজন

আহত সকলক ততাতৈয়াকৈ খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । ইফালে হাচমত আলীক সংকটজনক অৱস্থাত খাৰুপেটীয়াৰ পৰা মঙলদৈ আৰু পিছত উন্নত চিকিৎসাৰ বাবে জি এম চি লৈ প্ৰেৰণ কৰা হয় । কিন্তু জি এম চি এইচতে মৃত্য়ুক সাবটি লয় আক্কাচ আলীয়ে ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ জাহেদ আলীয়ে খাৰুপেটীয়া থানাত ১৭ গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : বৰঘাট আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.