দলগাঁও,২৪ নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জন দৰদী জননেতা তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য । দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থাকি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি ৮৬ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসংখ্য লোকে ৷
মঙলবাৰে দৰং জিলা আমছুৱে এখন শোকসভাৰ আয়োজন কৰি তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাসৰ উপস্থিতিত আমছুৰ কৰ্মী সকলে এক মিনিট সময় মৌনতা অৱলম্বন কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।