ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Mar 23, 2022, 9:11 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 9 বজাৰ শীৰ্ষ দহটা খবৰ

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ডিব্ৰুগড়ত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড (Fire breaks out in Dibrugarh) । নিশাৰ প্ৰায় 3 বজাত ডিব্ৰুগড় চহৰৰ নিউ মাকেটত সংঘটিত হয় ভয়াৱহ এই অগ্নিকাণ্ড । প্ৰায় চাৰিঘণ্টাজুৰি অব্যাহত থকা এই অগ্নিকাণ্ডত জাহ যায় সৰু-বৰ প্ৰায় 30 খন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি

আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব ৷ অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল আইপিএছ বিষয়া আনন্দ মিশ্ৰক(IPS Anand Mishra appointed as AIG (SPORTS)) ৷ ক্ৰীড়া বিভাগত এটা নতুন পদ সৃষ্টি কৰি আনন্দ মিশ্ৰক দিয়া হ'ল নিযুক্তি(Reshuffle in Assam Police) ৷ এতিয়া নতুনকৈ সৃষ্টি কৰা এই পদত থাকি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিব আনন্দ মিশ্ৰই ।

পত্নী-সন্তান এৰি আলফা স্বাধীনত যোগদান মহানগৰীৰ যুৱকৰ

মহানগৰীৰ নাৰেংগীৰ উদয়গিৰীৰ যুগল শৰ্মা নামৰ যুৱকজন আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে (Assam boy suspected to join ULFA I)। বিগত ১৯ মাৰ্চত ৰঙিয়ালৈ বুলি ওলাই গৈছিল যুগল শৰ্মা আৰু তেতিয়াৰে পৰা সন্ধান নাই তেওঁৰ ৷ যুগলৰ ভগ্নীয়ে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰিছিল পৰিয়ালৰ লোকে ।

জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলিয়ে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে (Himanta Biswa Sarma meets Georgian Ambassador)। যোৱা 18 মাৰ্চ তাৰিখে অসমত উপস্থিত হয় জৰ্জিয়াৰ ৰাষ্ট্ৰদূত গৰাকী । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মঙলবাৰে সন্ধিয়া তেওঁৰ টুইটাৰ যোগে এই তথ্য সদৰী কৰে ।

Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত

গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিছতো গুৱাহাটীত খোৱা পানীৰ সমস্যা এক ডাঙৰ সমস্যা । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই ।

নাথুৰাম গডছেৰ দলৰ শৰণাপন্ন নহয় কংগ্ৰেছ: ভূপেন বৰা

হোজাই জিলাৰ ডবকাত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । দলীয় কামৰ বাবে ডবকাত উপস্থিতি হোৱা ভূপেন বৰাই মুখ্যমন্ত্ৰী আৰু ৰিপুন বৰাৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে টেলিফোনিক বাৰ্তালাপ প্ৰসংগত কয় যে, এগৰাকী মুখ্যমন্ত্ৰীলৈ যিকোনো মানুহে ফোন কৰিব পাৰে (Ripun Bora's phone call to Himanta Biswa Sarma)৷

নগাঁৱৰ বহু ব্যৱসায়ীৰ মাজত হাহাকাৰ: হোটেলৰ কোঠালিত কিয় ভিৰ লগাইছে ব্যৱসায়ীয়ে ?

মঙলবাৰে হঠাৎ হাহাকাৰ লাগিল নগাঁৱৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত । জিএছটি ফাকিৰে ব্যৱসায় কৰা একাংশ ব্যৱসায়ীৰ মাজত সৃষ্টি হ’ল হাহাকাৰ পৰিস্থিতিৰ (mission against GST fraud) ৷ বিক্ৰীকৰ বিভাগৰ এটা অভিযানকাৰী দলৰ অভিযানৰ পিছতে সৃষ্টি হয় এই পৰিস্থিতিৰ ।

বৰপেটাত সমগ্ৰ শিক্ষাৰ অধীনত বাল্য বিবাহ ৰোধৰ বাবে সজাগতা সভা

বাল্যবিবাহ ৰোধৰ বাবে বৰপেটাত অনুষ্ঠিত সজাগতা সভা ৷ উক্ত অনুষ্ঠানৰ জৰিয়তে ইছলামিক নিয়ম অনুসৰি বিবাহ পঞ্জীয়ন কৰা কাজী আৰু অধিবক্তাসকলক অধিক সজাগ হ'বলৈ আৰু প্ৰশাসনক সহযোগ আগবঢ়াবলৈ আহ্বান (Awareness programme to end child marriage at Barpeta)শিক্ষা বিভাগৰ ৷

ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

তীৰ্যক মন্তব্যৰে বিজেপিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰকাৰ বুলি অভিহিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ(APCC criticizes BJP) ৷

Secret daughter novel: চিক্ৰেট ডটাৰ গ্ৰন্থখনৰ ৰূপালী পৰ্দাৰ সংস্কৰণত অভিনয় কৰিব প্ৰিয়ংকা চোপ্ৰাই

প্ৰিয়ংকা চোপ্ৰাক দেখা যাব এখন বিখ্যাত গ্ৰন্থৰ মুখ্য চৰিত্ৰত (Priyanka Chopra latest updates) ৷ শিল্পী সোমায়া গোৱডাৰ বিখ্যাত গ্ৰন্থ চিক্ৰেট ডটাৰক লৈ নিৰ্মাণ হ’ব এখন বোলছবি য’ত অভিনয় কৰিব গ্লোবেল ষ্টাৰ প্ৰিংয়কা চোপ্ৰাই (Priyanka Chopra upcoming projects) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.