ETV Bharat / state

মঙলদৈত হাইজেক ট্ৰাকসহ তিনি চোৰক আটক

author img

By

Published : Dec 3, 2020, 9:53 AM IST

বুধবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত মঙলদৈ সদৰ আৰক্ষী থানাৰ আৰু অভয়াপুৰী আৰক্ষীৰ সহযোগত চলোৱা এক যুটীয়া অভিযানত জব্দ 1471 কাৰ্টন বিস্কুট ৷ ৰামহৰিৰ আইটিচি কোম্পানীৰ পৰা শিলচৰলৈ লৈ গৈ থকা অৱস্থাত চুৰি কৰা হৈছিল বিস্কুটখিনি ৷ ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে ৷

three arrested with hijack truck in magaldoi
মঙলদৈত হাইজেক ট্ৰাকসহ তিনি চোৰক আটক

দৰং,3 ডিচেম্বৰ : মঙলদৈ আৰক্ষীৰ বৃহৎ সফলতা । হাইজেক ট্ৰাকসহ তিনিজনক আটক কৰে মঙলদৈ আৰক্ষীয়ে । বঙাইগাঁও জিলাৰ অভয়াপুৰীত মঙলদৈ সদৰ আৰক্ষী থানাৰ আৰু অভয়াপুৰী আৰক্ষীৰ সহযোগত চলোৱা এক যুটীয়া অভিযানত বুধবাৰে কেইবাটাও স্থানৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ চুৰি বিস্কুট ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলদৈ ৰামহৰিৰ আইটিচি কোম্পানীৰ পৰা শিলচৰলৈ 1471 কাৰ্টন বিস্কুট লৈ গৈ থকা অৱস্থাত বাইহাটা চাৰিআলিৰ সমীপৰ টোলগেটৰ ওচৰৰ এক ধাবাত চালকজনক নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই সংঘটিত কৰা হৈছিল এই চুৰিকাণ্ড ৷

ঘটনাৰ পিছদিনা মঙলদৈ আৰক্ষী থানাত ৰুজু হোৱা 610/20 গোচৰৰ 380 ধাৰাত মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞা আৰু তদন্তকাৰী বিষয়া কৃষ্ণকান্ত লস্কৰৰ নেতৃত্বত বিগত তিনদিন ধৰি অভিযান চলাই অভয়াপুৰীৰ সিদলসতী, লেংটিছিঙাৰ বিভিন্ন গুদামত মজুত কৰি ৰখা কোম্পানীৰ 1371 কাৰ্টন বিস্কুট আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

লগতে চুৰি চক্ৰটোৰ সৈতে জড়িত থকা সিদলসতীৰ পৰা লাল মামুদ, ইছমাইল হুছেইন, আফজালুৰ ৰহমান খান নামৰ তিনি চোৰক আটক কৰিবলৈ সক্ষম হয় । ইতিপূৰ্বে বৃহৎ চক্ৰটোৱে প্ৰায়েই বিভিন্ন গাড়ী হাইজেক কৰি আহিছিল । ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : সন্তোষ হোজাইৰ হত্যাকাণ্ড : দুই কনিষ্টবলক তিনিদিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.