ETV Bharat / state

টংলাত ইউপিপিএলৰ বিশাল সভাত উপস্থিত হাজাৰোধিক লোক - গোবিন্দ বসুমতাৰী

টংলাত UPPL দলৰ বিশাল সভা ৷ উপস্থিত হাজাৰ হাজাৰ লোক । সভাত উপস্থিত UPPL ৰ সভাপতি প্ৰমোদ বড়ো, উপদেষ্টা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী আৰু কেন্দ্ৰীয় নেতৃবৃন্দ ।

টংলাত UPPL দলৰ বিশাল সভা
টংলাত ইউপিপিএলৰ বিশাল সভাত উপস্থিত হাজাৰোধিক লোক
author img

By

Published : Nov 19, 2020, 7:51 AM IST

দৰং, 19 নৱেম্বৰ : টংলাত ইউপিপিএলৰ বিশাল নিৰ্বাচনী সভা । হিল দল ভাঙি হাজাৰোধিক লোক উপস্থিত হ'ল নিৰ্বাচনী সভাত ৷ সভাত উপস্থিত আছিল UPPL দলৰ সভাপতি প্ৰমোদ বড়ো, উপদেষ্টা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী আৰু কেন্দ্ৰীয় নেতৃবৃন্দ ।

টংলাত ইউপিপিএলৰ বিশাল সভাত উপস্থিত হাজাৰোধিক লোক

সভাত ভাষণ প্ৰসংগত দলটোৰ উপদেষ্টা ইউ জি ব্ৰহ্মই বিপিএফ আৰু বিজেপিক কটাক্ষ কৰি কয় যে, দুই মিত্ৰ দলৰ মাজৰ যুদ্ধ মেকুৰী আৰু নিগনিৰ দৰে । নিগনি য'ত মেকুৰী তাত থাকিবই । তেওঁলোকে টেঙা আম মিঠা আমৰ কথা কৈছে । কিন্তু টেঙা আম মিঠা আম দুয়ো শৰীৰৰ বাবে বেয়া । কিন্তু আমি বিটিআৰ ৰাইজক কমলা আৰু আপেল খুৱাম । 17 বছৰে বিপিএফ দলে অপশাসন আৰু দুৰ্নীতি কৰিলে, শাসনৰ স্বাৰ্থত অস্ত্ৰধাৰী সংগঠন সমূহক জীয়াই ৰাখিলে ৷

আনহাতে, সভাপতি প্ৰমোদ বড়োয়ে ভাষণত বিপিএফ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে, হাগ্ৰামাৰ এতিয়া কাম নাই । হাগ্ৰামক এতিয়া বিদায় দিয়াৰ সময় । বিগত দিনত হাগ্ৰামা মহিলাৰীয়ে শাসনৰ নামত বহু দুৰ্নীতি কৰিলে । UPPL দল শাসনত আহিলে ছয় মাহৰ ভিতৰত সকলো জাতি-জনগোষ্ঠীৰ নামত উন্নয়ন পৰিষদ গঠন কৰিব ।

লগতে পঢ়ক : দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.