দলগাঁও, 9 আগষ্ট: দৰঙৰ দলগাঁও থানাৰ আৰক্ষী বিষয়া দিলীপ মিলিৰ নেতৃত্বত চলা এক অভিযানত বেছিমাৰী লাইন হোটেলৰ পৰা চুৰি চিমেন্টৰ বস্তা সহ আটক জেহেৰুল ইছলাম(29) নামৰ এজন চোৰ ৷ আটকাধীন চোৰটো দলগাঁও থানাৰ অন্তৰ্গত 5 নং বৰুৱাঝাৰৰ নিবাসী বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ চোৰটোৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে,দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰিৰ একাংশ লাইন হোটেলত পূৰ্বৰ পৰাই ডিজেল,ৰ'ড,চিমেন্ট আদিৰ চোৰাং ব্যবসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ অৱশেষত গোপন সুত্ৰৰ পম খেদি নিশা আৰক্ষীয়ে চলোৱা অভিযানত শনিবাৰে নিশা আটক হয় চোৰটো ৷ ধৃত চোৰটো এখন বেছিমাৰী লাইন হোটেলৰ মালিক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ স্বাধীনতা দিৱস উপলক্ষে পাণ্ডুত অসম আৰক্ষীৰ নাগৰিক সভা