ETV Bharat / state

টাংনি নৈৰ বানত ক্ষতিগ্ৰস্ত নৈপৰীয়া ৰাইজ - Assam Government

টাংনি নৈৰ বানৰ তাণ্ডৱত আতংকিত নৈপৰীয়া ৰাইজ । শ শ বিঘা কৃষি ভূমিৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন । জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজ তথা দল-সংগঠনৰ ৷

টাংনি নৈৰ বানত ক্ষতিগ্ৰস্ত নৈপৰীয়া ৰাইজ
author img

By

Published : Jul 12, 2019, 12:02 AM IST

দলগাওঁ, 11 জুলাইঃ দলগাওঁ সমষ্টিৰ ভোটপুখুৰী আৰু বাহাবাৰী গাঁওৰ মাজেৰে বৈ যোৱা টাংনি নৈৰ তাণ্ডৱত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । শেহতীয়াকৈ নৈ খনৰ গতি সলনি হোৱাত অঞ্চলটোৰ নেপালী বজাৰ হৈ, ভূটপুখুৰী,গলন্দী,নদীৰমুখ,বাহাবাৰী আদি গাঁৱৰ শ শ বিঘা কৃষি ভূমি নদীত জাহ যায় ৷ বিগত কিছুদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে উফন্দি উঠা বাঢ়নী পানীয়ে নদীখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰিছে ৷ পৰিস্থিতিৰ সৈতে শীঘ্ৰেই মোকাবিলা কৰিবৰ বাবে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি,সংখ্যালঘু জাতীয় পৰিষদৰ ও ভুক্তভোগী ৰাইজে দৰং জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰক দাবী জনাইছে ।

Intro:Slug = Tangni_ River_
Byte=Public
Reporter =Abdul Hakim
Dalgaon

## টাংনি নৈৰ তাণ্ডবত আতংকিত নৈপৰীয়া ৰাইজ ।
##শ শ বিঘা কৃষি ভূমিৰ লগত কেইবাটাও পৰিয়াল বাসগৃহ বিনষ্ট।
## জিলা উপায়ুক্তক স্মাৰক পত্ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

Body:দলগাও / ১১ জুলাই

দৰঙৰ দলগাও সমষ্টিৰ ভোটপুখুৰী আৰু বাহাবাৰী গাঁওৰ মাজেৰে বৈ যোৱা টাংনি নৈৰ তাণ্ডবত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। প্ৰবল সুতে নৈ গতি সলনি কৰাৰ ফলত অঞ্চলটোৰ নেপালী বজাৰ হৈ, ভূটপুখুৰী,গলন্দী,নদীৰমুখ,বাহাবাৰী আদি গাঁৱৰ শ শ কৃষি ভূমি জাহ যায় নৈত । নৈখনৰ গতি সলনি হোৱাত জনবসতিপূৰ্ণ এলেকা, ৰাস্তা-ঘাটকে ধৰি বহু দৰিদ্ৰ পৰিয়ালৰ ঘৰ দুৱাৰ উটুৱাই নিয়ে টাংনি নৈ খনে । বিগত কিছু দিন ধৰি হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত উফন্দি উঠা বাঢ়নী পানীয়ে সৃষ্ট কৰিছে এই প্ৰবল গৰা খহনীয়াৰ ।Conclusion: নৈ খনৰ বিধ্বংসী গতি ৰোধ কৰি কেইবাখনো গাঁৱৰ বহুকেইটা পৰিয়ালৰ লগতে শ শ বিঘা কৃষি ভূমি গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ বাবে দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি , সংখ্যালঘু জাতীয় পৰিষদৰ ও ভুক্তভোগী ৰাইজে দাবী জনাইছে দৰং জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰক ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.