দৰং,9নৱেম্বৰঃসমগ্র ৰাজ্যৰ লগতে দৰঙ জিলাৰ বিদ্যালয়সমূহতো সোমবাৰৰ পৰা আৰম্ভ কৰা হয় ছাত্র-ছাত্ৰীসকলৰ আধাৰ পঞ্জীয়ণ প্ৰক্ৰিয়া । জিলাখনৰ মঙলদৈ নিকটৱৰ্তী উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত সোমবাৰে দৰং জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ জোৱাহিৰা তাবাছুম, জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈৰ উপৰি ভালেসংখ্যক শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী ৷
ইপিনে উপায়ুক্ত দিলীপ কুমাৰ বৰাই মন্তব্য কৰি কয় যে, এতিয়াৰে পৰা বিভিন্ন কামত নিজৰ পৰিচয় দাঙি ধৰাৰ বাবে কেবাখনো নথি-পত্ৰৰ প্ৰয়োজন নহ'ব আৰু সমগ্র দেশত যিকোনো ঠাইত আধাৰ নম্বৰটোৱেই পৰিচয়ৰ সবিশেষ দাঙি ধৰিবলৈ সক্ষম হ'ব ।
উল্লেখযোগ্য যে,দৰং জিলাৰ মুঠ ২,৩২,০০০ ছাত্ৰ-ছাত্ৰীৰ বাবে সদ্যহতে ২০ টা কেন্দ্ৰ স্থাপন কৰা হৈছে । জিলা প্ৰাথমিক শিক্ষা বিষয়া ড৹ জোৱাহিৰা তাবাছুমে জনোৱা অনুসৰি ১৬ জন পঞ্জীয়কক বিদ্যালয়সমূহত আধাৰ পঞ্জীয়ণৰ কামত বৰ্তমান নিয়োজিত কৰা হৈছে ।
লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ