দলগাঁও, ২৮ আগষ্ট : ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশত উদযাপন কৰা হৈছে অমৃত মহোৎসৱ । এই অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সশস্ত্ৰ সীমা বলে(SSB) তেজপুৰৰ পৰা দিল্লীলৈ চাইকেল ৰেলী(Cycle Rally) আৰম্ভ কৰিছে । যোৱা ২৫ আগষ্টত যাত্ৰা আৰম্ভ কৰা ১৫ জনীয়া চাইক্লিষ্টৰ দলটো শুকুৰবাৰে দৰঙৰ খাৰুপেটীয়াত উপস্থিত হয় । পুৱা লালপুলস্থিত SSB 23 বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত দলগাঁৱৰ বিধায়ক মাজিবুৰ ৰহমানে ফ্লেগ অফ কৰি যাত্ৰাৰ শুভাৰম্ভণি কৰে ।
খাৰুপেটীয়াত প্ৰশাসনৰ বিষয়াসকলৰ সৈতে লগ হৈ 'আজাদী কা অমৃত মহোৎসৱ'ৰ সম্পৰ্কে ৰাইজক অৱগত কৰে চাইক্লিষ্টৰ দলটোৱে । ইয়াৰ পিছত পুনৰ 'ভাৰত মাতা কী জয়' শ্ল'গানেৰে পুনৰ যাত্ৰা আৰম্ভ কৰে সশস্ত্ৰ সীমা বলৰ জোৱানসকলে । জানিব পৰা মতে, দলটোৱে ২৩৮৪ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰি ২ অক্টোবৰত দিল্লীৰ ৰাজঘাটত উপস্থিত হ'ব । গান্ধী জয়ন্তীৰ দিনা ৰাজঘাটত উপস্থিত হৈ মহত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব জোৱানসকলে ।
সমান্তৰালকৈ ITBP ৰ জোৱানেও ইটানগৰৰ পৰা দিল্লীলৈ চাইকেলেৰে যাত্ৰা কৰিছে । এটা দলে শিলিগুৰিত যাত্ৰা শেষ কৰিব আৰু আনটো দলে শিলিগুৰিৰ পৰা দিল্লীলৈ যাত্ৰা কৰিব । অমৃত মহোৎসৱ উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰিছে জোৱানসকলে ।
লগতে পঢ়ক: উত্তৰ পূৱৰ প্ৰথমখন ডিআৰডিঅ' ক'ভিড কেয়াৰ হাস্পতালত নতুন বেক্টেৰিয়া