ETV Bharat / state

ৰাজ্যজুৰি মোদী চৰকাৰৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে "সেৱাই সংগঠন" শীৰ্ষক কাৰ্যসূচী - মঙলদৈ

কেন্দ্ৰীয় বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূতি উপলক্ষে "সেৱাই সংগঠন" আদৰ্শৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হৈছে ৷ ৰাজ্যখনৰ শদিয়া, দৰং আৰু বিলাসীপাৰাতো বিজেপিয়ে পালন কৰা দেখা গৈছে ৷

ৰাজ্যজুৰি মোডী চৰকাৰৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে " সেৱাই সংগঠন " শীৰ্ষক কাৰ্যসূচী ৰূপায়ন

author img

By

Published : May 30, 2021, 9:54 PM IST

শদিয়া, 30 মে’: দেশৰ চাৰিও দিশে মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে অব্যাহত ৰাখিছে সংহাৰ ৷ দৈনিক আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ নিজ আপোন জনক হেৰুৱাইছে বহুজনে ৷ তাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধান মন্ত্ৰী হিচাপে সাতটা বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে বিজেপি চৰকাৰে দেওবাৰৰ পৰা ৰাজ্যত পালন কৰিছে সপ্তম বৰ্ষপুৰ্তি ৷

উক্ত কাযৰ্সূচীৰ লগত সংগতি ৰাখি ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক ৰূপেশ গোৱালাক পুৱাই দেখা গ’ল ৰাইজৰ মাজত ৷ বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ক’ভিড আক্ৰান্ত সকলৰ হোম কোৱাৰেন্টাইন ৰোগী সকলক বিতৰণ কৰিলে বিভিন্ন খাদ্য-সামগ্ৰী ৷ ইয়াৰ লগতে মূল উদ্দেশ্য সেৱাই সংগঠন হিচাপে আগত ৰাখি সমষ্টিটোৰ বিভিন্ন স্থানত চেনিটাইজেশ্যন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে ৷

কেন্দ্ৰীয় বিজেপিৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষপুতি উপলক্ষে "সেৱাই সংগঠন"ৰ আদৰ্শৰে সমগ্ৰ দেশৰ লগতে মঙলদৈতো গ্ৰহণ কৰা দেখা গৈছে বিশেষ সতৰ্কতা আৰু সজাগতা মূলক কাৰ্যসূচী । ক’ৰণা ভাইৰাছৰ ভয়াৱতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলদৈ বিভিন্ন অনুস্থানত মঙলদৈৰ লোকসভা সমষ্টি সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়াই চেনিটাইজাৰ, মাস্ক বিতৰণ কৰে ৷ লগতে মঙলদৈ কস্তুৰিকা শিশু গৃহত উপস্থিত হৈ অনাথ শিশু সকলক স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ক’ভিড সজাগতাৰ বিষয়ে আলোচনা আৰু কিছু খাদ্য সামগ্ৰী বিতৰন কৰে ৷

ৰাজ্যজুৰি মোডী চৰকাৰৰ সপ্তম বৰ্ষপুৰ্তি উপলক্ষে " সেৱাই সংগঠন " শীৰ্ষক কাৰ্যসূচী ৰূপায়ন

তাৰ সমান্তৰালভাৱে সাংসদ দিলিপ শইকীয়াই ছিপাঝাৰত উপস্থিত হৈ ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ সহযোগত ছিপাঝাৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিৎধীন হৈ থকা ৰোগী সকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পথচাৰীক মাস্ক বিতৰণ কৰে ৷ এই অনুষ্ঠানত সাংসদ গৰাকীৰ লগত মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, নগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰানা বশিষ্ঠ, জিলা পৰিষদৰ কায্যবাহী বিষয়া ৰমেন মালাকাৰ, জিলা পৰিষদৰ কায্যবাহী অভিযন্তা ভবেন বৰ্মন লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ সফলতাৰ দ্বিতীয় বর্ষপুর্তি উপলক্ষে 'সেৱাই সংগঠন' মূলমন্ত্ৰ হিচাপে লৈ ক’ভিড প্ৰট’কলৰ নীতি-নিয়ম মানি জনসেৱা মূলক কাৰ্যসূচী হিচাপে ৰবিবাৰে চাপৰত বিলাসীপাৰা পূৱ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কৰ নেতৃত্বত ক’ভিড আক্ৰান্ত দৰিদ্ৰ লোক সকলৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে চাপৰ বজাৰৰ বিভিন্ন ঠাই চাপৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহোযোগত চেনিটাইজ কৰা পৰিলক্ষিত হয়। খাদ্য সামগ্ৰী সমূহৰ ভিতৰত কিছু ফল-মূল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পৰিয়ালৰ প্ৰতি জনক মাস্ক, চেনিটাইজাৰ বিতৰণ কৰে প্ৰাক্তন বিধায়ক গৰাকী । এই সেৱামূলক কাৰ্যসূচীৰ জৰিয়তে বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ত তথা পৌৰসভাৰ ওৱাৰ্ড সামৰি লয়।‌

লগতে পঢ়কঃ ১৫ আগষ্টৰ ভিতৰত অসমত ৩০ শতাংশ লোকৰ টীকাকৰণ হ'ব: মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.