দলগাঁও, ২২ ফেব্ৰুৱাৰী: এইবাৰ নতুন কৌশল অৱলম্বনেৰে চুৰি বৃহৎ পৰিমাণৰ চাউল । অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগে যোগান ধৰা সুলভ মূল্যৰ বৃহৎ পৰিমাণৰ চাউল চোৰাংকৈ বিক্রী কৰিবলৈ বাহনেৰে লৈ যোৱা অৱস্থাত আটক চাউল ভৰ্তি বাহনসহ চালক । এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ দলগাঁৱত ।
প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ইছলামপুৰ গাৱঁৰ আমজাদ আলী নামৰ সুলভ মূল্যৰ দোকানীজনক পুৱতি নিশা হাতে-লোটে ধৰে গাওঁখনৰ ৱাৰ্ড সদস্য ও গাওঁৰক্ষী বাহিনীৰ লোকে । আলীয়ে ৭০ বস্তা চাউলৰ বস্তা সলনি কৰি নতুন বস্তাত ভৰাই এ এছ ২৫ ডি চি ৪৩৮৭ নম্বৰৰ ডি আই বাহনত বিক্ৰীৰ বাবে ধূলালৈ নিছিল । ঠিক তেনেতে ৱাৰ্ড সদস্য আৰু গাওঁৰক্ষী বাহিনীয়ে আটক কৰে । পাচত ৰাইজে চাউল ভৰ্তি বাহনখনসহ চালক, ৭০ বস্তা চাউলৰ লগতে বস্তা চিলাই কৰা মেচিন, জব্দ কৰি দলগাওঁ আৰক্ষীক খবৰ দিয়ে ।
ঘটনাৰ খবৰ লাভ কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বৃহৎ পৰিমাণৰ চাউল ভৰ্তি ডি আই বাহনখন জব্দ কৰি চালকসহ থানালৈ লৈ যায় । ইপিনে বাহনখনত থকা সুলভ মূল্যৰ দোকানী আমজাদ আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
লগতে পঢ়ক: দৰঙত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন