ETV Bharat / state

মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মাৰ

স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰিবলৈ মন বনমালী শৰ্মাৰ

author img

By

Published : Mar 4, 2019, 4:33 AM IST

মঙলদৈ প্ৰেছ ক্লাৱত সংবাদমেল বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মাৰ

মঙলদৈ, ৪ মাৰ্চ : দেওবাৰে মঙলদৈ প্ৰেছ ক্লাৱত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত সংবাদমেল আয়োজন ৮নং মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ৱ প্ৰয়াসী বনমালী শৰ্মা । দহটা বিধান সভা সমষ্টিৰে গঠিত ৮ নং মঙলদৈ লোকসভা সমষ্টি ৰাইজৰ বিপুল সমৰ্থনৰ বাবেই তেওঁ নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ বাবে মন মেলিছে বুলি মন্তব্য প্ৰকাশ কৰে যুৱনেতা বনমালী শৰ্মায়ে । তেঁও লগতে কয়, বিগত লোকসভা নিৰ্বাচন সমূহত তিনিবাৰকৈ মঙলদৈ সমষ্টিটো বিজেপিৰ দখললৈ আহে যদিও সমষ্টিটোৰ ৰাইজে একমাত্ৰ মাধৱ ৰাজবংশীৰ বাহিৰে এগৰাকীও স্থানীয় প্ৰাৰ্থী নোহোৱাত সমষ্টিবাসী ৰাইজে সাংসদ গৰাকীৰ ওচৰ চাপিবলৈ সক্ষম নহয় । স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰিবলৈ তেওঁ আগবাঢ়ি অহাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা গভীৰ আস্থা আৰু যুৱ প্ৰজন্মৰ প্ৰতি তেওঁলোকে অগ্ৰাধিকাৰ দিয়াৰ বাবেই তেওঁ ৰাজনৈতিক ক্ষেত্ৰত নামিবলৈ মন মেলা বুলি সদৰী কৰে সংবাদমেল খনত । আনহাতে, প্ৰতিবাৰেই সাংসদ ৰমেন ডেকাই দৰং জিলাক ৰেল লাইনৰ মানচিত্ৰত সংযোগ কৰিম বুলি আভুৱা ভাৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে যুৱনেতা গৰাকীয়ে ।

undefined

  A_DARRANG_3MAC_802_BANAMALI_ 
Ftp kariso        
    ৮নং মঙলদৈ লোকসভা সমষ্টি
বিজেপিৰ পৰা টিকট লাভৰ ক্ষেত্ৰত দৃঢ়বিশ্বাসী বনমালী শৰ্মা

: আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হোৱাৰ সময়তে আঠ নং মঙলদৈ লোকসভা সমষ্টিত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্বৰ দাবীদাৰ হিচাপে গভীৰ আত্মবিশ্বাসেৰে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছে দৰং জিলাৰ বাসিন্দা তথা স্থানীয় উচ্চ শিক্ষিত,সাংস্কৃতিক কৰ্মী, জনপ্ৰিয় যুৱনেতা বনমালী শৰ্মা । আজি বিয়লি মঙলদৈ প্ৰেছ ক্লাবত আয়োজন কৰা এখন সংবাদমেলত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত নিজৰ মনোভাৱ ব্যক্ত কৰি যুৱনেতা বনমালী শৰ্মাই কয় যে দহটা বিধান সভা সমষ্টিৰে গঠিত আঠ নং মঙলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ বিপুল সমৰ্থনৰ বাবেই তেওঁ নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হোৱাৰ মন মেলিছে ।
বিগত লোকসভা নিৰ্বাচন সমূহত তিনিবাৰকৈ  মঙলদৈ সমষ্টিটো বিজেপিৰ দখললৈ আহে যদিও সমষ্টিটোৰ ৰাইজে একমাত্ৰ   মাধৱ ৰাজবংশীৰ বাহিৰে এগৰাকীও স্থানীয় 
প্ৰাৰ্থী নোহোৱাত সমষ্টিবাসী ৰাইজে সাংসদ গৰাকীৰ ওচৰ চাপিবলৈ সক্ষম নহয় । সেয়েহে স্থানীয় প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰিবলৈ তেওঁ আগবাঢ়ি আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি থকা গভীৰ আস্থা আৰু

যুৱপ্ৰজন্মৰ প্ৰতি তেওঁলোকে অগ্ৰাধিকাৰ দিয়াৰ বাবেই তেওঁ ৰাজনৈতিক ক্ষেত্ৰত নামিবলৈ মনমেলা বুলি সদৰী কৰে ।ইতিমধ্যে চচিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ নাম প্ৰাৰ্থী হিচাপে ভাইৰেল হোৱাৰ কথাও প্ৰসংগক্ৰমে উল্লেখ কৰে বনমালী শৰ্মাই । আনহাতে টিকট লাভ কৰাটো নিশ্চিত নে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত

 তেওঁ একপ্ৰকাৰ খাটাং বুলিয়েই আশাবাদী বুলি

 কয় । 
স্থাপন কৰা, ছিপাঝাৰৰ প্ৰাকবিছিমি উদ্যোগ সম্পূৰ্ণ ভাবে কাৰ্যক্ষম কৰা আদি তেওঁৰ অন্যতম উদ্দেশ্য । আনহাতে প্ৰতিবাৰেই সাংসদ ৰমেন ডেকাই দৰং জিলাক ৰেললাইনৰ মানচিত্ৰত সংযোগ কৰিম বুলি আভুৱা ভাৰি আহিছে ,  এই বাৰ তেওঁ তেনে প্ৰতিশ্ৰুতি দিবনেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত

তেওঁ তেনে প্ৰতিশ্ৰুতি নিদিয়ে আৰু কামেৰেহে 

তেওঁ ৰাইজৰ কাষ চাপিব বুলি তাৎপৰ্যপূৰ্ণ উত্তৰ দিয়ে ।
Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.