ETV Bharat / state

Government school in Mangaldoi: চৰকাৰী বিদ্যালয়লৈ আহিব সুদিন !

মঙলদৈৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকে পাতিছে দীঘলীয়া শাৰী ৷ এই প্ৰাথমিক বিদ্যালয়খনত অধ্যয়ন কৰে ৮ শতাধিক ছাত্ৰীয়ে (govt girls school in Mangaldoi) ।

author img

By

Published : Apr 6, 2023, 10:28 PM IST

government school in Mangaldoi
চৰকাৰী মাধ্যমৰ বিদ্যালয়
চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ সুদিন

মঙলদৈ, 6 এপ্ৰিল: বেচৰকাৰী বিদ্যালয় সমূহৰ পয়োভৰে ইতিমধ্যেই ৰাজ্যৰ বহু স্থানত চৰকাৰী বিদ্যালয় সমূহৰ দুৱাৰ চিৰদিনলৈ বন্ধ কৰিছে ৷ অসমৰ এচাম মানুহৰ মাজত বেচৰকাৰী বিদ্যালয়ৰ প্ৰতি থকা দুৰ্বলতাই চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ বহু ক্ষতি কৰিছে ৷ কেৱল বিদ্যালয় বন্ধ হোৱাই নহয় মাতৃভাষা প্ৰকৃত ৰূপত শিকাৰ পৰাও বঞ্চিত হৈছে শিক্ষাৰ্থী ৷ চৰকাৰী-বেচৰকাৰী বিদ্যালয়ৰ অঘোষিত প্ৰতিযোগিতাৰ মাজত কৰবাত পিছ পৰি ৰৈছে আমাৰ সমাজৰ যুৱ প্ৰজন্ম ৷

তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এক সুন্দৰ দৃশ্য ৷ অনুভৱ হৈছে যেন চৰকাৰী বিদ্যালয়লৈ ঘূৰি আহিব সুদিন ! মঙলদৈৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তিৰ বাবে অভিভাৱকে পাতিছে দীঘলীয়া শাৰী ৷ এই প্ৰাথমিক বিদ্যালয়খনত অধ্যয়ন কৰে ৮ শতাধিক ছাত্ৰীয়ে । মঙলদৈ চহৰৰ মাজমজিয়াত থকা এই চৰকাৰী বিদ্যালয়খন হৈছে দৰং জিলা নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মঙ্গলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয় (govt girls school in Mangaldoi) । ১৯৪৩ চনতে স্থাপিত বিদ্যালয়খনে অতিজৰে পৰা আজিও অব্যাহত ৰাখিছে শিক্ষাৰ গুণগত মানদণ্ড ।

মঙলদৈ এগৰাকী সৰবৰহী ব্যক্তি সাবিত্ৰী দাসৰ উদ্যোগত গঢ়ি উঠিছিল নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ এই বিদ্যালয় খন । নামভৰ্তি কৰিবলৈ আহি আজিও ঘূৰি যাবলগীয়া হয় ছাত্ৰী । বিদ্যালয়খনত নামভৰ্তিৰ বাবে দিব লাগে মৌখিক পৰীক্ষা । ক শ্ৰেণীত নামভৰ্তি হয় ৯১ গৰাকীকৈ ছাত্ৰীৰ । প্ৰথম শ্ৰেণীত নামভৰ্তি হয় ১১৮ গৰাকীকৈ ছাত্ৰীৰ । স্কুলখনত বৰ্তমান ছাত্ৰীৰ সংখ্যা ৮৭৮ গৰাকী (girls government school in Mangaldoi) ।

প্ৰতিটো শ্ৰেণীতে আছে তিনিটাকৈ শাখা । সেই অনুপাতে কিন্তু নাই ৪ জনকৈ শিক্ষক । নাই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী । চকিদাৰৰ কাম শিক্ষকেই কৰিব লাগে । শিক্ষকেই দৰ্জা খিৰিকী জপাব লাগে, কৰিব লাগে চাফাই কাম, দিব লাগে ঝাৰু । শিক্ষকেই কৰে শ্ৰেণী কোঠাসমূহ পৰিস্কাৰ । তাৰ পাছতো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লগত ফেৰ মাৰি নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে এই বিদ্যালয়খনে (government school in Mangaldoi) ।

লগতে পঢ়ক : Special weaver from Dhemaji: তাঁতশালত সপোন ৰচা ধেমাজিৰ নীলোৎপলৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.