দৰং, ৩ জুলাই : পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ অৱস্থিতি । চিকিৎসালয়খনৰ জেষ্ঠ শৈল্য চিকিৎসক ডাক্তৰ জীতেন চহৰীয়াৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ বীজাণু ৷
জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগত চিকিৎসা সেৱা আগবঢ়াই আছিল ডাক্তৰ জীতেন চহৰীয়াই । ভ্ৰমণৰ কোনো ধৰণৰ ইতিহাস নথকা চিকিৎসকজনক কৰ'ণা পজিটিভ পোৱাৰ পিচতেই আতংকিত হৈ পৰিছে ৰোগী সকলৰ লগতে অঞ্চলবাসী ।
আনহাতে, পূৰ্বেও ভ্ৰমণৰ কোনো ধৰণৰ ইতিহাস নোহোৱাকৈ অঞ্চলটিত বহু কেইগৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । উল্লেখযোগ্য যে, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৪৮ জন আক্ৰান্ত হৈছে মহামাৰী কৰ'ণা ভাইৰাছত ৷
লগতে পঢ়ক : অন্ধ প্ৰদেশত নতুনকৈ 837 গৰাকীৰ দেহত COVID-19