দৰং,30 আগষ্ট: সময়ে সময়ে হাতী-মানুহৰ মাজত সৃষ্টি হোৱা সংঘাত কোনো নতুন বিষয় নহয় ৷ কিন্তু প্ৰায়ে সংঘটিত হৈ থকা এই সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ লগতে বন বিভাগ ৷ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অন্তৰ্গত অঞ্চলসমূহত তীব্ৰ ৰূপ ধাৰণ কৰি আহিছে হাতী-মানুহৰ সংঘাতে ৷ জিলাখনৰ ডিমাকুছি, ধৰমজুলি, ৰজাগড়, নালাপাৰা, বৰঙাজুলি, বামুণজুলি, পানেৰী, বগৰীতল, সোণাজুলি, কালিখোলা, ভোলাটাৰ, ননৈখাছ, টেংকীবস্তী আদি অঞ্চলসমূহত বহুদিন ধৰি তাণ্ডৱ চলাই আহিছে খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ জাকে ৷ এতিয়া প্ৰায় প্ৰতিদিনে এই অঞ্চলসমূহত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ক্ষতিসাধন কৰে শস্যৰ লগতে বিভিন্ন সা-সামগ্ৰীৰ ৷ চলিত বৰ্ষত বহুকেইগৰাকী ব্যক্তিয়ে বন্যহস্তীৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে এই অঞ্চলত ৷
শনিবাৰে নিশা ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত 2 নং ৰজাগড়ৰ নিখিল বিশ্বাস নামৰ প্ৰায় 35 বছৰীয়া লোকগৰাকী বজাৰৰ পৰা ঘৰলৈ আহি থকা সময়তে সন্মুখীন হয় বনৰীয়া হাতীৰ ৷ হাতীয়ে লোকগৰাকীক আক্ৰমণ কৰাত থিতাতে মৃত্যুক আঁকোৱালি লয় নিখিল বিশ্বাস নামৰ লোকগৰাকীয়ে ৷ স্থানীয় বৰনদী অভয়াৰণ্য আৰু ননৈ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকসমূহে এনেদৰে উপদ্ৰৱ চলোৱাতো এতিয়া নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ হাতীৰ এই আক্ৰমণ ৰোধৰ পৰিৱৰ্তে কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত অসম চৰকাৰৰ বিয়াগোম বন বিভাগ ৷ বিভাগটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আতংকত দিন অতিবাহিত কৰিবলগীয়া হৈছে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলে ৷
লগতে চাওকঃ কলিয়াভোমোৰাৰ ওপৰেৰে বনজ সম্পদৰ অবৈধ সৰবৰাহ