ETV Bharat / state

কভিদত আক্ৰান্ত মঙলদৈৰ স্বাস্থ্যকৰ্মী - দৰঙত ক'ভিড আক্ৰান্ত

মঙলদৈ সমষ্টিৰ ব্লক চ'কৰ অন্তৰ্গত ৰেৱতি কলিতাক বৰ্তমান জনাৰাম চৌকা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে স্বাস্থ্যকৰ্মীগৰাকী বহু লোকৰ সংস্পৰ্শত অহা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

Darrang
মঙলদৈ
author img

By

Published : Jun 28, 2020, 6:56 PM IST

দৰং, 28 জুনঃ দৰঙৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ দেহত কোভিদৰ উপস্থিতি পোৱাৰ পাছতে সমগ্ৰ অঞ্চলতে আতংকই বিৰাজ কৰিছে ৷ স্বাস্থ্যকৰ্মী ৰেৱতি কলিতা অসম লক্ষ্য প্ৰনোদিত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত শ্লেষৰ নমুনা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে ৷ মঙলদৈ সমষ্টিৰ ব্লক চ'কৰ অন্তৰ্গত ৰেৱতি কলিতাক বৰ্তমান জনাৰাম চৌকা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷ ইফালে স্বাস্থ্যকৰ্মীগৰাকী বহু লোকৰ সংস্পৰ্শত অহা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

কভিদত আক্ৰান্ত মঙলদৈৰ স্বাস্থ্যকৰ্মী

লগতে পঢ়কঃ ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ'ল নৃত্যশিল্পী প্ৰিয়ংকা বড়োৰ

সদ্য ঘোষিত উচ্চতম মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ খবৰ ল'বলৈ কেবাঘৰলৈ গৈছিল ৰেৱতি কলিতা ৷ ইয়াৰোপৰি চুবুৰিয়াৰ ভাষ্য অনুসৰি, বিভিন্নজনৰ ঘৰলৈ গৈ ভোজ-ভাত খাইছিল স্বাস্থ্যগৰাকী ৷ যাৰ ফলত গণ সংক্ৰমণৰ আশংকাত ভুগিছে অঞ্চলটোৰ ৰাইজ ৷ আনহাতে ৰেৱতি কলিতাৰ স্বামী ডিমাপুৰত কৰ্মৰত যাৰ বাবে ডিমাপুৰলৈও গৈছিল স্বাস্থ্যকৰ্মীগৰাকী ৷ লগতে মহিলাগৰাকীৰ ঘৰত ভাড়াতীয়া হিচাপে থকা লোকসকলকো হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ দিছে জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, ইয়াকে লৈ দৰঙত কভিদত আক্ৰান্তৰ সংখ্যা এই পৰ্যন্ত ১৯৩ জনলৈ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.