ETV Bharat / state

Constituency delimitation:ভৈৰৱকুণ্ড নাম কেনেকৈ আহিল নাজানে সাংসদ দিলীপ শইকীয়াই - ভৈৰৱকুণ্ড নাম কেনেকৈ আহিল নাজানে দিলীপ শইকীয়াই

সমষ্টি পুনৰ গঠনৰ খচৰাত মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং কৰাৰ পিছত ভৈৰৱকুণ্ড নাম কেনেকৈ আহিল নাজানে সাংসদ দিলীপ শইকীয়াই । বৃহস্পতিবাৰে এই বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয় যে মঙলদৈ লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড হোৱাৰ কথা তেওঁ প্ৰচাৰ মাধ্যমতহে লাভ কৰিছে ।

Pradhan Mantri Awas Yojana houses opened
সাংসদ দিলীপ শইকীয়া
author img

By

Published : Jul 13, 2023, 6:36 PM IST

সাংসদ দিলীপ শইকীয়া

দৰং, ১৩ জুলাই: অহা ২০ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানিৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে ৰাজ্য চৰকাৰে আগবঢ়াইছে সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ আগবঢ়াইছে । চৰকাৰে অসমৰ ২ টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ কিন্ত এই বিষয়ে জ্ঞাত নহয় সাংসদ দিলীপ শইকীয়া । বৃহস্পতিবাৰে সাংসদ দিলীপ শইকীয়াই মঙলদৈৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ মুকলি কৰিবলৈ আহি এই বিষয়ে একো নাজানে বুলি কয় সাংসদ দিলীপ শইকীয়াই ।

সমষ্টি পুনৰ গঠনৰ খচৰাত মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং কৰাৰ পিছত ভৈৰৱকুণ্ড নাম কেনেকৈ চৰ্চা হৈছে সেই বিষয়ে নাজানে সাংসদ দিলীপ শইকীয়াই । বৃহস্পতিবাৰে এই বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই কয় যে মঙলদৈ লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড হোৱাৰ কথা তেওঁ প্ৰচাৰ মাধ্যমতহে লাভ কৰিছে । লগতে সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে যে প্ৰচাৰ মাধ্যমত যি কোনো কথা ওলালেও শেষত দৰঙীয়া ৰাইজৰ মনঃপুতভাৱেই লোকসভা সমষ্টিৰ নাম হ'ব ।

সাংসদ দিলীপ শইকীয়াই বৃহস্পতিবাৰে সাংসদৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ মুকলি । জিলাখনৰ মঙলদৈৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ মুকলি কৰে সাংসদগৰাকীয়ে । ৰাজ্যখনত আজিৰ দিনটোত মুঠ তিনি লাখ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ মুকলিৰ পদক্ষেপ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰঙামাটি পঞ্চায়তৰ অন্তৰ্গত হিতাধীকাৰীক ১৮২ টা গৃহ আনুষ্ঠানিকভাবে বাবে গতাই দিয়ে সংসদ দিলীপ শইকীয়াই । একেদৰে জিলাখনত আজিৰ দিনটোত ১৬,৪৫০ টা বাসগৃহ হিতাধীকাৰী সকলক আনুষ্ঠানিকভাৱে গতাই দিয়া হয় বুলি কয় সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়ক:West Bengal Panchayat Election Violence: গৃহৰাজ্য এৰি অসমত আশ্ৰয় বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.