ETV Bharat / state

ছিপাঝাৰত অধ্যাপকৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ - ৰাজহুৱা ধন

অধ্যাপক বৈশ্যই প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ সৈতে লগ লাগি সংঘটোৰ খেলপথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা 6 লাখ 48 হাজাৰ টকাৰ সিংহ ভাগ ধন ভুৱা তথ্যৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ পৰা উলিয়াই আত্মসাত কৰে ৷

অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ !
author img

By

Published : May 13, 2019, 12:33 PM IST

দৰং , 13 মে': দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত দুনী মহাবিদ্যালয়ৰ জনৈক বৈশ্য উপাধিৰ অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে ৷ গভৰা মিলি জুলি সংঘৰ সভাপতি , এই অধ্যাপকগৰাকীয়ে নিজে নেতৃত্ব দিয়া সংঘটোৰ খেল পথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত আৱন্টন হোৱা ধন আত্মসাত কৰাৰ অভিযোগ কৰিছে একাংশ লোকে ৷

অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ !

অভিযোগ অনুসৰি অধ্যাপক বৈশ্যই প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ সৈতে লগ লাগি সংঘটোৰ খেলপথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা 6 লাখ 48 হাজাৰ টকাৰ সিংহ ভাগ ধন ভুৱা তথ্যৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ পৰা উলিয়াই আত্মসাত কৰে ৷ ইপিনে বিজেপি নেতা কনক ডেকা, বিনোদ ডেকা আৰু কেইজনমান যুৱকে মিলি খেলপথাৰ খনৰ উন্নয়নৰ নামত অহা ধনেৰে নাম মাত্ৰ কাম কৰি 4 লাখ টকা উদৰস্থ কৰাৰ অভিযোগ গাঁওবাসীৰ ৷ নৈৰ খহনীয়া ৰোধৰ নামত কোনো কামেই সম্পূৰ্ণ নোহোৱা বুলি জানিব দিয়ে তেওঁলোকে ৷ আনহাতে অধ্যাপকগৰাকীয়ে বিধায়ক বিনন্দ শইকীয়াৰ সৈতে ঘনিষ্ঠতা থকাৰ সুযোগ লৈ ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

as_drg_scam_vis_byte_as10006【FTp】
Anchor: এটাৰ পিছত এটাকৈ ছিপাঝাৰ সমষ্টিত ৰাজহুৱা ধন লুণ্ঠনৰ তথ্য পোহৰলৈ আহিছে।
V/O: ছিপাঝাৰত দুৰ্নীতি প্ৰতিৰোধ কৰাৰ স্বাৰ্থৰ কথা কৈ নিশাটোৰ ভিতৰতে কংগ্ৰেছ ত্যাগ কৰি বিজেপি লৈ অহা বিধায়ক বিনন্দ শইকীয়া আৰু তেওঁৰ একাংশ ঘনিষ্ঠ কৰ্মীক লৈ ৰাইজে দেখা আশা সম্প্ৰতি হতাশালৈ পৰিণত হৈছে। কিয়নো সমষ্টিটোৰ উনয়নৰ ধন এচাম নেতা কৰ্মীয়ে পকেটস্থ কৰাৰ যেন প্ৰতিযোগিতাত নামি পৰিছে। এইবাৰ বিধায়ক বিনন্দৰ ঘনিষ্ঠতাৰ সুযোগ লৈ ধন লুণ্ঠনৰ প্ৰতিযোগিতাত  জাতীয়তাবাদৰ কথা কৈ ফুৰা দুনী মহাবিদ্যালয়ৰ বৈশ্য উপাধিৰ এগৰাকী প্ৰৱক্তা। গভৰা মিলি জুলি সংঘৰ সভাপতি এইগৰাকী প্ৰবক্তাই প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ সতে লগ লাগি    নিজে নেতৃত্বত দিয়া সংঘটোৰ খেল পথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা ৬ লাখ ৪৮ হাজাৰ টকাৰ সিংহ ভাগ ধন ইতিমধ্যে ভুৱা তথ্যৰে চিপাঝাৰ উন্নয়ন খণ্ডৰ পৰা উলিয়াই আনি আত্মসাত কৰিছে। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ বিগত কাৰ্যকালৰ নিৰ্বাচনী প্ৰতিনিধি বিজেপি নেতা কনক ডেকা,বিনন্দৰ গৃহ পঞ্চায়ত দুনীৰ প্ৰাক্তন উপসভাপতি বিনোদ ডেকা আৰু কেইজনমান যুৱকে মিলি খেলপথাৰ খনৰ উন্নয়নৰ নামত অহা ধন মাত্ৰ ৩০/৪০ টকা খৰচ কৰি ইতিমধ্যে উলিয়াই নিলে ৪ লাখ টকা। নৈ খহনীয়া ৰোধৰ নামত কোনো কামেই নকৰিলে অসাধু চক্ৰটোয়ে। 

Byte - সংঘৰ সম্পাদক আৰু স্থানীয় লোক।

উল্লেখ্য যে এয়া মাথো এটা উদাহৰণ হে। সমষ্টিটোৰ বিভিন্ন স্থানত আঁচনি ৰূপায়ণৰ নামত এনেদৰেই চলিছে লুণ্ঠন। 

দেবব্ৰত গোস্বামী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.