ETV Bharat / state

স্থানীয় বিধায়কৰ একক প্ৰচেষ্টাত মঙলদৈত পাঠ্যপুথি বিতৰণ - বিধায়ক গুৰুজ্যোতি দাস

আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক মঙলদৈৰ স্থানীয় বিধায়কৰ একক প্ৰচেষ্টাত পাঠ্যপুথি বিতৰণ ৷ পাঠ্যপুথি বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷

Mangaldoi MLA distribute books among poor students
স্থানীয় বিধায়কৰ একক প্ৰচেষ্টাত মঙলদৈত পাঠ্যপুথি বিতৰণ
author img

By

Published : Sep 8, 2020, 9:58 AM IST

দৰং,8 ছেপ্তেম্বৰঃ মঙলদৈৰ আৰ্থিকভাৱে দুৰ্বল একাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে পাঠ্যপুথি ৷ সোমবাৰে স্থানীয় বিধায়ক গুৰুজ্যোতি দাসৰ একক প্ৰচেষ্টাত মঙলদৈ আৰেঙৰ বালিচুক ৰাজহুৱা ৰঙ্গ মঞ্চত 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুফল দেখুৱাবলৈ সক্ষম হোৱা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় পাঠ্যপুথিৰ লগতে ঐচ্ছিক গ্ৰন্থ (ৰেফাৰেন্স বুক) ।

মঙলদৈত বিধায়ক গুৰুজ্যোতি দাসৰ প্ৰচেষ্টাত পাঠ্যপুথি বিতৰণ

উল্লেখ্য যে, পঞ্চম বৰ্ষৰ বাবে বিতৰণ কৰা এই পাঠ্যপুথি বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি । নিৰ্বাচিত হোৱাৰে পৰা মঙলদৈৰ স্থানীয় বিধায়ক গুৰুজ্যোতি দাসে একক প্ৰচেষ্টাত নিজৰ দৰমহাৰ ধনেৰে ক্ৰয় কৰি প্ৰতিবছৰে অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক এনেদৰে পাঠ্যপুথি বিতৰণ কৰি আহিছে ৷

লগতে পঢ়ক-সুধাকণ্ঠৰ ওপজা দিনটোতে নয়ন অসমৰ তিনিটিকৈ গীত মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.