দৰং, 22 আগষ্টঃ দৰঙত মাতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ ৷ মঙলদৈৰ অন্তৰ্গত বাসন্তী ডেকা নামৰ মহিলাগৰাকীয়ে নিজ পুত্ৰ সমৰেন্দ্ৰ ডেকাক ঘপিয়াই হত্যা কৰে ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, প্ৰতিদিনে নিচা কৰি পৰিয়ালৰ অন্য সদস্যৰ ওপৰত অত্যাচাৰ চলায় আহিছিল সমৰেন্দ্ৰই ৷ ড্ৰাগছ আসক্ত সমৰেন্দ্ৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য পৰিয়ালৰ লোকে কেবাবাৰো মঙলদৈ থানাত গোচৰ ৰুজু কৰিছিল ৷ ইতিমধ্যে তিনিবাৰকৈ জেল খাতি অহা সমৰেন্দ্ৰই ঘৰলৈ উভতি গৈ পুনৰ মাতৃৰ ওপৰত নিৰ্যাতন চলায় ৷
লগতে পঢ়কঃ প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি
শুকুৰবাৰে নিশা সমৰেন্দ্ৰই ড্ৰাগছৰ বাবে মাতৃক টকা বিচাৰে । কিন্তু মাতৃয়ে টকা নিদিয়াত সমৰেন্দ্ৰই ঘৰত অত্যাচাৰ চলাই । পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মাতৃয়ে পুত্ৰক দাৰে ঘপিয়াই । লগে লগে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ সমৰেন্দ্ৰক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইতিমধ্যে মৃত্যু হয় সমৰেন্দ্ৰ ডেকাৰ । ইফালে পুত্ৰক ঘপিয়াই মঙলদৈ আৰক্ষী থানাত আত্মসমৰ্পন কৰে বাসন্তী ডেকাই ।