ETV Bharat / state

Land dispute case: খাৰুপেটীয়াত ভূমিকেন্দ্ৰিক সংঘাতত দুই ফৈদৰ আক্ৰমণত নিহত ২

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 5:36 PM IST

খাৰুপেটীয়াৰ বল'গড়াত ভূমিকেন্দ্ৰিক সংঘাত । দা-লাঠিৰে কৰা আক্ৰমণত হতাহত হৈছে কেইবাজনো । ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Land dispute case in Assam
খাৰুপেটীয়াৰ বল'গড়াত ভূমিকেন্দ্ৰিক সংঘাত

দৰং, ২৫ অক্টোবৰ: খাৰুপেটীয়াৰ বল'গড়াত সংঘটিত হৈছে এক ভূমিকেন্দ্ৰিক সংঘাতৰ ঘটনা । ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে দুটা ফৈদৰ মাজত হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত থিতাতে নিহত হয় জাহেৰ ওৰফে ঘাইৰে আৰু তেওঁৰ ভাইবোবাৰী মাবিয়া খাতুন । এই ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে ইতিমধ্য়ে গ্ৰেপ্তাৰ কৰিছে ৮ জন লোকক । গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে আবুল হাচিম, মস্তফা জামাল, ছবৰ আলী, ছামছুদ্দিন, ছাহিয়াল ইমৰাণ, ছফিউৰ ৰহমান, আতিকুৰ ৰহমান আৰু আনুৱাৰ হুছেইন ।

উল্লেখযোগ্য যে খাৰুপেটীয়া টাউনৰ জনতা নগৰৰ প্ৰয়াত ছিনাৰুদ্দিনৰ পুত্ৰ হাছেম আলী, মুছলিম আলী আৰু আতাব আলীৰ ভূমিত বলপূৰ্বক দখলৰ বাবে আজি পুৱাই ৭০/৮০ জনীয়া দুস্কৃতিকাৰীৰ দলে আক্ৰমণ কৰি তাণ্ডৱৰ সৃষ্টি কৰে । এই দলটোৱে প্ৰথমে ঘৰৰ প্ৰৱেশদ্বাৰত থকা চি চি কেমেৰা বিকল কৰি মটৰ গেৰেজ থকা ভূমিডোখৰত উপস্থিত হয় । দলটোৱে এই ভূমিডোখৰত থকা পৰিয়ালটোক দা-লাঠিৰে আক্ৰমণ কৰে । সেই সময়ত এই দলটোকো আক্ৰমণ কৰে গেৰেজৰ ভূমিডোখৰত থকা পৰিয়ালটোৰ সদস্য়সকলে । দুয়োটা ফৈদৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ফলত থিতাতে নিহত হয় জাহেৰ ওৰফে ঘাইৰে আৰু তেওঁৰ ভাই-বোবাৰী মাবিয়া খাতুন ।

লগতে পঢ়ক:Bhangnamari LP School: পৰিচালনা সমিতিৰ সভাপতি নিৰ্বাচনক লৈ নলবাৰীত কুৰুক্ষেত্ৰ

ইফালে, দুয়োটা ফৈদৰ ১০ জনকৈ লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে । ইয়াৰেই তিনি গৰাকী অতি সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য অব্যাহত আছে । পিচত ঘটনাস্থলীত আৰক্ষী দৰং জিলাৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল উপস্থিত হৈ ঘটনাৰ তদন্ত ঘোষণা কৰাৰ পিছতে খাৰুপেটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৮ জনকৈ লোকক । উল্লেখযোগ্য যে জেল হাজোতলৈ প্ৰেৰণ কৰা লোক সকলো গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় । ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Ravan Dahan in Tinsukia: তিনিচুকীয়াৰ টিংৰাই হাবি গংগাপাৰা পূজা সমিতিৰ ৰাৱণ দহন কাৰ্সূযচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.