ETV Bharat / state

অৱশেষত শান্ত হ'ল লাডেন - Laden elephant is transfer to Orang National park

লাডেনক কৃষ্ণলৈ সলনি কৰি নিশাৰ ভিতৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ ৷ লাডেনৰ সন্ত্ৰাসত আতংকিত শিলবাৰীৰ ৰাইজৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অৱশেষত উপযুক্ত প্ৰশিক্ষণ আৰু মুক্ত ভাৱে বিচৰণ কৰিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিত লাডেনক প্ৰৱেশ কৰোৱা হয় ৰাষ্ট্ৰীয় উদ্যান খনত ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লাডেনৰ স্থানান্তৰ
author img

By

Published : Nov 13, 2019, 2:55 PM IST

দলগাঁও, 13 নৱেম্ববৰঃ বৰ্তমানেও শেষ হোৱা নাই লাডেনৰ আতংক ৷ লাডেনক কৃষ্ণলৈ সলনি কৰি নিশাৰ ভিতৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ ৷ সোমবাৰে গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ পৰা লাডেনক ট্ৰেংকুলাইজ কৰি বশ কৰাৰ পাছত এতিয়া বন্য হস্তীটোক স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বিপাঙত পৰিছে বন বিভাগ ৷ কিয়নো লাডেনৰ সন্ত্ৰাসত আতংকিত হৈ পৰা ৰাইজে নিবিচাৰে তেওঁলোকৰ দাঁতি কাষৰীয়া অঞ্চললৈ লাডেনক স্থানান্তৰিত হোৱাটো ৷ যাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত লাডেনৰ স্থানান্তৰ কৰাৰ খবৰ বিয়পি পৰাত ৰাজপথলৈ ওলাই আহে শিলবাৰীৰ সহস্ৰাধিক লোক ৷ অৱশেষত উপযুক্ত প্ৰশিক্ষণ আৰু মুক্তভাৱে বিচৰণ কৰিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিত লাডেনক প্ৰৱেশ কৰোৱা হয় ৰাষ্ট্ৰীয় উদ্যান খনত ৷ লগতে সন্ত্ৰাস সৃষ্টি কৰা বন্য হস্তীটোক বন বিভাগৰ সম্পদ হিচাপে গঢ়ি তুলিব বুলি জানিবলৈ দিছে বিভাগৰ লোকে ৷ ইয়াৰোপৰি লাডেনক লৈ স্থানীয় ৰাইজক আতংকিত নহ'বলৈও আহ্বান জনাইছে বন বিভাগে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লাডেনৰ স্থানান্তৰ

উল্লেখ্য যে,গোৱালপাৰা জিলাত বিগত সময়ছোৱাত লাডেন নামৰ বন্য হস্তীটোৱে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িছিল ৷ ইয়াৰ পাছতেই বন বিভাগে লাডেনক বশ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল যদিও সফল হোৱা নাছিল ৷ অৱশেষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলা বন বিভাগে অভিযান চলাই ট্রেংকুলাইজ কৰিবলৈ সক্ষম হৈছিল লাডেন নামৰ বন্যহস্তীটোক ৷

লগতে পঢ়কঃৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই

Intro:Slug : Laden_Elephant_at_Orang_

Byte : PCCP M K Yadav

## লাভনক ওৰাং ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ খবৰ পাই দৰঙৰ শিলবৰীত সহস্ৰাধিক লোক উপস্থিত প্ৰতিবাদ কৰিবলৈ ।
## নিশাৰ ভিতৰতে লাডেনক স্থানান্তৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ।
Body:

দলগাও /১৩ নবেম্বৰ

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰৰ বিগত তিনি বছৰ ধৰি সন্ত্ৰাস চলাই অহা লাডেনক ৰংজুলি বন্যাকুছি বনাঞ্চলৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰাৰ খবৰ পাই দৰঙৰ শিলবৰীত সহস্ৰাধিক লোক উপস্থিত হয় প্ৰতিবাদ কৰিবলৈ ।
## লাডেনক বান্ধি ৰখা আৰু প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি PCCF অৰ ।

## লিখিত প্ৰতিশ্ৰুতিত লাডেনক প্ৰবেশ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ।

##কৃষ্ণক নিশাৰ ভিতৰতে স্থানান্তৰ কৰা হল ওৰাং ৰাষ্ট্ৰীয় উদ্যানত।

## লাডেনক কোনো এখন অৰণ্যতে মুক্ত ভাবে বিচৰণ কৰিবলৈ এৰি নিদিয়ে, প্ৰশিক্ষণ দি বন বিভাগৰ সম্পদ হিচাপে গঢ়ি তুলিব এই কথা কলে PCCF এম কে যাদৱে। লগতে লাডেনক লৈ চিন্তিত নহবলৈও ৰাইজক আহ্বান PCCF গৰাকীৰ।
Conclusion:আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.