ওদালগুৰি, 11জুলাইঃ দিনে প্ৰতিদিনে সলনি হৈছে কলাইগাঁও কাণ্ডৰ দৃশ্য৷ এইবাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা যাদৱ চহৰীয়াই এখন চাঞ্চ্যলকৰ তথ্য ৷ চহৰীয়াৰ আত্মীয় তথা চুবুৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক বন্ধুৰাম চহৰীয়াই সংবাদমেল যোগে চিঠি খনৰ বিষয়ে অৱগত কৰে ৷
চিঠিখনত উল্লেখ থকা অনুসৰি,
- মোৰ গাঁৱৰ মানুহ এই কাণ্ডত জড়িত নহয়
- মোৰ পত্নী মানসিক ভাবে অসুস্থ গতিকে তেখেতৰ কোনো কথা যাতে সংবাদ মাধ্যমত প্ৰচাৰ কৰা নহয়
- মোৰ জীয়ৰীক ধৰ্ষণ কৰাটো সম্পূৰ্ণ ৰূপে ভূৱা
উল্লেখ্য যে, কলাইগাঁও কাণ্ডৰ পিছত আতংকত দিন কটাবলগীয়া হৈছে প্ৰতিবেশী তথা আত্মীয়ই । কিয়নো কুলশীপাৰ কাণ্ডৰ ৰহস্যৰ পম খেদি এতিয়া সৃষ্টি হৈছে ন ন উপ কাহিনী। যাৰ বাবে পুলিচৰ আতংকতো দিন কটাবলগীয়া হৈছে প্ৰতিবেশী আৰু আত্মীয়।
স্মৰ্তব্য যে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাৰ সময়ত ভৰিত গুলী লাগিছিল যাদৱ চহৰীয়াৰ ৷