ETV Bharat / state

স্ব-ইচ্ছাই কটাইছে বন্দীত্বৰ জীৱন

author img

By

Published : Jul 6, 2019, 11:08 PM IST

পত্নীসহ পুত্ৰ কন্যাৰে এটা সুখী পৰিয়াল থকা স্বত্বেও সৰু কোঠালিত এগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ 6/7 বছৰ ধৰি স্ব-ইচ্ছাই কটাইছে বন্দীত্বৰ জীৱন, সৃষ্টি হৈছে ৰহস্যৰ

স্ব-ইচ্ছাই কটাইছে বন্দীত্বৰ জীৱন

খাৰুপেটীয়া, 6 জুলাইঃ খাৰুপেটীয়াৰ নিকটৱৰ্তী ঘনশিমূলি গাঁৱৰ মতলেবুদ্দিন নামৰ এগৰাকী ব্যক্তিয়ে সুদীৰ্ঘ 6/7 বছৰ ধৰি এটা সৰু কোঠালিত স্ব-ইচ্ছাই অতিবাহিত কৰিছে বন্দীত্বৰ জীৱন । 55 বছৰীয়া ব্যক্তিজনৰ পত্নীৰ লগতে তিনিটা পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানসহ এটা সুখী পৰিয়াল থকা স্বত্বেও কিয় এটা সৰু কোঠালিত বন্দীত্বৰ জীৱন কটাইছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, এখন আঁঠুৱা আৰু এখন সৰু বিচনা থকা কোঠাটো ভিতৰৰ পৰা বন্ধ কৰি নিজকে আৱদ্ধ কৰি ৰাখে ব্যক্তি জনে । কেৱল পৰিয়ালৰ মানুহক মাজে সময়ে দুই-এষাৰ কথাৰ উত্তৰ দিয়ে যদিও কোঠাটোৰ পৰা বাহিৰলৈ ওলোৱা আজিলৈকে কাৰো দৃষ্টিগোচৰ হোৱা নাই । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, নিজৰ কন্যা আৰু পুত্ৰৰ বিয়াৰ সময়তো, আনকি নিজৰ পৰিয়াল তথা আত্মীয়ৰ মৃত্যুৰ সময়তো বন্ধ কোঠালিৰ পৰা ওলোৱা নাছিল লোকজন । সময় মতে পৰিয়ালৰ লোকে দৰ্জাৰ তলেদি খাদ্য যোগান ধৰে আৰু বন্দী মতলেবুদ্দিনে কোঠাটোৰ ভিতৰতে আহাৰ গ্ৰহণ কৰে । ইয়াৰোপৰি আশ্চৰ্যৰ কথা যে, কোঠাটোত শৌচালয়ৰ কোনো ধৰণৰ ব্যৱস্থা নথকাৰ সত্বেও ইমান দিনে বন্দী হৈ থকা সৰু কোঠালিৰ পৰা মলমূত্ৰৰ কোনো দুৰ্গন্ধ ওলোৱা নাই । আনহাতে কি কাৰণত মতলেবুদ্দিনে স্ব-ইচ্ছাই এনে ধৰণৰ বন্দীত্বৰ জীৱন অতিবাহিত কৰিছে এই সম্পৰ্কে জ্ঞাত নহয় পৰিয়ালৰ লোক ।

Intro:Slug= Home Prisoner
Byte= Relative.

## খাৰুপেটিয়াত ৬/৭ বছৰ ধৰি এটা কোঠাত বন্দীত্বৰ জীৱন কটাইছে এজন ৫৫ বছৰীয়া ব্যক্তিয়ে । কিন্তু কিয় ?
Body:দলগাও /৬ জুলাই ।

এক বা দুই বছৰ নহয় সুদীৰ্ঘ ৬/৭ বছৰ ধৰি এটা সৰু কোঠালিত বন্দীত্বৰ জীৱন কটাইছে এগৰাক ব্যক্তিয়ে ৷ ব্যক্তি গৰাকীৰ নাম মতলেবুদ্দিন । ঘৰ দৰঙৰ খাৰুপেটিয়াৰ নিকটৱৰ্ত ঘনশিমূলি গাঁৱত । মতলেবৰ পত্নীৰ লগতে সংসাৰত আছে ৩ টি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান । মতলেবৰ বৰ্তমান বয়স ৫৫ বছৰ ৷ এটা সুন্দৰ সুখৰ পৰিয়াল থকা স্বত্বেও মতলেব উদ্দিন কিয় এটা সৰু জুপুৰীত বন্দিত্বৰ জীৱন কটাইছে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ এটা আঠুৱা, এটা সৰু বিচনা থকা কোঠাটো বন্ধ কৰা আছে ভিতৰৰ পৰা ৷ পৰিয়ালৰ মানুহৰ লগত মাজে সময়ে দু-এষাৰ কথাৰ উত্তৰ দিয়ে যদিও ঘৰৰ পৰা ওলোৱা আজিলৈ কাৰো দৃষ্টি গোচৰ হোৱা নাই ৷ পৰিয়ালে জনোৱা মতে নিজৰ কন্যা আৰু। পুত্ৰৰ বিয়াৰ সময়তো কোঠাৰ পৰা ওলোৱা নাই । আনকি নিজৰ পৰিয়াল তথা আত্মীয়ৰ মৃত্যুৰ সময়তো ওলোৱা নাছিল বন্ধ কোঠালিৰ পৰা ৷ সময় মতে পৰিয়ালৰ লোকে দৰজাখনৰ তলেদি খাদ্য যোগান ধৰে আৰু বন্দী মতলেবে ঘৰৰ ভিতৰতে আহাৰ গ্ৰহণ কৰে ৷ সকলো খাদ্য গ্ৰহণ কৰা মতলেব আলীয়ে গা ধোৱা বা শৌচ প্ৰসাৱ কৰাৰ কোনো তথ্য পোৱা নাযায় ৷ কোঠাটোত শৌচালয়ৰ কোনো ধৰণৰ ব্যৱস্থা নাই বুলি সদৰী কৰে পৰিয়ালৰ লোকে ৷ ইমান দিনে বন্দীহৈ থকা সৰু কোঠালিৰ পৰা ওলোৱা নাই মলমূত্ৰৰ কোনো দুৰ্গন্ধ ৷ কিয় আৰু কি কাৰণত নিজকে পৰিয়ালৰ পৰা আতৰাই ৰাখি বন্দীত্বৰ জীৱন অতিবাহিত কৰিছে এই সম্পৰ্কে জ্ঞাত নহয় পৰিয়ালৰ লোক । পৰিয়ালৰ লোকে কেতিয়া ওলাই আহিব বুলি প্ৰশ্ন কৰিলে সময় হলে ওলাই আহিব বুলি কয় মতলেবুদ্দিনে ।
Conclusion:
বছৰ বছৰ ধৰি একেটা কোঠাত নিজকে বন্দী কৰা মতলেবুদ্দিনক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে কৌতুহলৰ ।
=====
আব্দুল হাকিম
দলগাও
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.