দলগাঁও , ১৩ ডিচেম্বৰ: খাৰুপেটীয়া মহাবিদ্যালয়ত স্নাতক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ দাবীত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা(Kharupetia college Student's union)ৰ উদ্যোগত বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ লগতে কেবাটাও সংগঠনে সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(Protest in Kharupetia College) ৷ এই প্ৰতিবাদৰ জড়িয়তে প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীন তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰে ।
নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে আমাৰ নাম ভৰ্তি কৰিবই লাগিব, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালীন তলা বন্ধ কাৰ্যসূচী আৰম্ভ কৰে । উল্লেখ্য যে, ২০২১-২২ বৰ্ষৰ স্নাতক প্ৰথম বৰ্ষৰ বাবে দুই হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিছিল ৷ তাৰে ভিতৰত এহাজাৰ ছাত্ৰ-ছাত্ৰীকহে মহাবিদ্যালয় কৰ্তৃপক্ষই নাম ভৰ্তি কৰোৱায়, যদিও বাকী থকা এহাজাৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি তালিকাৰ পৰা বঞ্চিত কৰে ৷
সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে নাম ভৰ্তিকৰণৰ দাবীত মহাবিদ্যালয়খনৰ মূল প্ৰৱেশ পথত তলা ওলোমাই এই কাৰ্যসূচী ৰূপায়ন কৰে ।
উল্লেখ্য যে, খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত এই ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে যদিও কোনো সুফল নোপোৱাত অনিৰ্দিষ্ট কালীন তলাবন্ধ কাৰ্য্যসূচী আৰম্ভ কৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক: SFI protest in Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ