দৰং,৯ জুলাই : অৱশেষত আৰক্ষীৰ জালত পৰিল কলাইগাঁও কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়া। দৰঙৰ কুৰুৱাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰমেশ চহৰীয়াক। দৰঙৰ উপ–আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় ৰমেশ চহৰীয়া ।
ইপিনে টংলা থানাত অভিযুক্ত তান্ত্ৰীক ৰমেশ চহৰীয়াক ওদালগুৰি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙো জেৰাত উপস্থিত আছে । আনহাতে ৰমেশক থানাত ৰখা খবৰ পাই স্থানীয় লোকে থানাৰ সন্মুখত ভিৰ কৰে। আজি ওদালগুৰিৰ আদালতত ভুৱা তান্ত্ৰিক জনক হাজিৰ কৰোৱা হ'ব। শনিবাৰৰ পৰা পলাতক হৈ আছিল ভণ্ড তান্ত্ৰিক ৰমেশ। ৰমেশ চহৰীয়াৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৰামগাঁৱত । ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে সংঘটিত হৈছিল কলাইগাঁওৰ জঘন্য কাণ্ড ।