গুৱাহাটী, ১ জানুৱাৰী : নৱবর্ষ উদযাপনৰ সময়ত ৰাজ্যত দুর্ঘটনা নিয়ন্ত্ৰণৰ পদক্ষেপ সফল কৰাৰ বাবে সমগ্ৰ ৰাজ্যত ৩১ ডিচেম্বৰৰ নিশা অব্যাহত থাকিল আৰক্ষীৰ তালাচী অভিযান(Kamrup metro police against traffic rule violators) । কামৰূপ মহানগৰ জিলাতো শুকুৰবাৰে দেখা গল পূৰ্বতে নেদেখা আৰক্ষীৰ কটকটীয়া তালাচী অভিযান । সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে ৫৫ টাকৈ স্থানত আৰক্ষীয়ে চলালে অভিযান(Kamrup metro police against drunk drivers) । মহানগৰবাসীৰ সহাৰিৰ ফলত ৩১ ডিচেম্বৰ নিশা দুৰ্ঘটনামুক্ত হ’ল(No accident in guwahati in 31st night)।
মুখ্যমন্ত্ৰীৰ আহ্বানলৈ দিয়া ইতিবাচক সঁহাৰিৰ বাবে ৰাইজক ধন্যবাদ জনাই যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ( Joint Commissioner of Police Partha Sarathi Mahanta) । পানবজাৰ যান-বাহন শাখা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শনিবাৰে এক সংবাদমেল সম্বোধন কৰি ৩১ ডিচেম্বৰৰ নিশাৰ আইন-শৃংখলাৰ পৰিস্থিতি দাঙি ধৰি তেওঁ কয়, বছৰৰ শেষ দিনটোত মহানগৰত ১১৫ টা সুৰাপান কৰি বাহন চলোৱাৰ ঘটনা ধৰা পৰাৰ লগতে ৬৩ খনকৈ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল হোৱাৰ উপৰিও ৫২খন বাহন জব্দ কৰা হয় ।
তেওঁ জানিব দিয়া মতে, ২০২০ চনৰ ৩১ ডিচেম্বৰত ৭ টাকৈ পথ দুৰ্ঘটনাত ৫গৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু এইবাৰ তেনে দুৰ্ঘটনা হোৱা নাই ৷ তাৎপৰ্যপূৰ্ণ কথা যে, যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই ৩১ ডিচেম্বৰৰ নিশা দুর্ঘটনামুক্ত হোৱা বুলি দাবী কৰা সময়তে, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ১০৮ মৃত্যুঞ্জয় সেৱাই মুঠ ৭ টাকৈ দুর্ঘটনা কামৰূপ(ম)ত হোৱাৰ তথ্য আগবঢ়াইছে । ইয়াৰে ৪ টা দুর্ঘটনা সোণাপুৰত হোৱাৰ বিপৰীতে গড়চুক, আজাৰা আৰু তেঁতেলীয়াত সংঘটিত হয় ১ টাকৈ দুর্ঘটনা ।
যুটীয়া আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিব দিয়া মতে, যানবাহন আইন ভংগকাৰীৰ পৰা ২০২১ বৰ্ষৰ পহিলা জানুৱাৰী পৰা জুলাইলৈ ১কোটি ২০লাখ টকা সংগ্ৰহ হৈছিল। তাৰ বিপৰীতে আগষ্ট-নৱেম্বৰ মাহলৈ ৩কোটি ৪০লাখ আৰু ডিচেম্বৰ মাহত ৪কোটি ৪০লাখ জৰিমনা সংগ্ৰহ হয় । সংবাদ মেলতে যুটীয়া আৰক্ষী আয়ুক্ত মহন্তই জানিবলৈ দিয়া অনুসৰি, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দেওবাৰৰ পৰা বনভোজ স্থলীতো মদ্যপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে চলাব অভিযান ৷
লগতে পঢ়ক : PSO সন্দৰ্ভত শনিবাৰে কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত