দৰং,8 অক্টোবৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বা EIA 2020 বাতিল আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে মঙলদৈ চহৰত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, সহকাৰী সম্পাদক সত্যৰঞ্জন ডেকা, প্ৰমোদ ডেকা, সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়াৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক, দৰং আছুৰ বিষয়ববীয়াৰ নেতৃত্বত শতাধিক ছাত্ৰ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে চাওকঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ