মঙলদৈ, 31 মাৰ্চ: মঙলদৈত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকা গৃহৰক্ষী বাহিনীৰ জোৱানে পাবলগীয়া ভাট্টা নিয়মমতে নোপোৱাৰ অভিযোগ তুলি কৰ্তব্য পালনত অস্বীকাৰ কৰাৰ পাছতে বুধবাৰে মঙলদৈত আৰক্ষী সংৰক্ষিত অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ গৃহৰক্ষী জোৱান আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতিৰ ফলত বহুকেইগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, গৃহৰক্ষী বাহিনীৰ জোৱান সকলে নিৰ্বাচনৰ কৰ্তব্য পালন কৰাত অস্বীকাৰ কৰাৰ পাছতে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জোৱান সকলক চাউনিৰ পৰা উলিয়াই দি নিজ নিজ জিলালৈ যাব দিয়ে ৷ কিন্তু, গৃহৰক্ষী জোৱানসকলৰ হাতত ধন নথকাৰ ফলতে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় ৷ দৰং জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া গৰাকীৰ নিৰ্দেশ মৰ্মে গৃহৰক্ষী বাহিনীৰ শ শ জোৱানৰ ওপৰত লাঠিচালনা কৰা বুলিও জোৱানসকলে অভিযোগ কৰে ৷
উল্লেখ্য যে, বিগত বহু দিন ধৰি গৃহৰক্ষী বাহিনীৰ জোৱান সকলে বিভিন্ন দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ উপৰিও নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰিছিল ৷ মূলতঃ নিয়মীয়া দৰমহা তথা সমান কামৰ বাবে সমান মৰ্যদাৰ দাবী তুলি গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল ৷
লগতে পঢ়ক: কামাখ্যাত পূজা-অৰ্চনা ৰাহুল গান্ধীৰ