ETV Bharat / state

বাচন চাফা কৰিবলৈ আহি লুটিলে অলংকাৰ

ঘৰলৈ বস্তু বিক্ৰী কৰিবলৈ অহা, বাচন পৰিষ্কাৰ কৰিবলৈ অহা লোকৰ পৰা সাৱধান । অসাৱধনতাৰ বাবে আপুনি হেৰুৱাবলগীয়া হ'ব পাৰে ধন, মূল্যৱান আ-অলংকাৰ । দৰঙৰ খাৰুপেটীয়াত সংঘটিত হ'ল এনে এক ঘটনা ।

author img

By

Published : Jan 23, 2021, 1:00 PM IST

Updated : Jan 23, 2021, 2:30 PM IST

খাৰুপেটীয়াত বাচন চাফা কৰাৰ অচিলাৰে প্ৰৱঞ্চকে লুটি নিলে সোণৰ অলংকাৰ

দলগাঁও, ২৩ জানুৱাৰী : দৰঙৰ খাৰুপেটীয়াত বাচন চাফা কৰাৰ অচিলাৰে তিনিজনীয়া প্ৰৱঞ্চকৰ দলে এঘৰৰ পৰা লুটি নিলে প্ৰায় দুই লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ । এই ঘটনা সংঘটিত হৈছে খাৰুপেটীয়াৰ মণ্ডলপাৰা গাঁৱত । জানিব পৰা মতে, বাচন-বৰ্তন চাফা কৰাৰ বাবে কোম্পানীৰ পৰা অহা বুলি কৈ ৬৮নং দলগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মতলেব উদ্দিনৰ পুত্ৰ মোছাৰফ আলীৰ ঘৰত তিনি জন হিন্দী ভাষী লোকে প্ৰৱেশ কৰিছিল । তিনিজনীয়া প্ৰৱঞ্চকৰ দলটোৱে প্ৰথমতে ঘৰত থকা বিভিন্ন বাচন-বৰ্তন পাউদাৰ জাতীয় পদাৰ্থৰে চাফা কৰাৰ লগতে ৰূপৰ অলংকাৰ চাফা কৰি দেখুৱায় ।

পিছত একে পৰিয়ালৰে সদস্য পাৰবিন চুলতানা নামৰ মহিলাগৰাকীক তেওঁৰ আন আন গহনাবোৰ চাফা কৰিবলৈ উলিয়াই দিবলৈ কয় । কিন্তু প্ৰথমতে তেওঁ অমান্তি হয় । অৱশেষত প্ৰৱঞ্চকৰ চলাহী কথাত পতিয়ন গৈ ঘৰত যতনেৰে ৰখা প্ৰায় দুই লাখ টকাৰ সোণৰ অলংকাৰ চাফা কৰিবলৈ দিয়ে । প্ৰৱঞ্চকৰ দলটোৱে সকলো গহণা কুকাৰত ভৰাই হালধি গুৰি আৰু পাউদাৰ জাতীয় পদাৰ্থ দি পাকঘৰত কুকাৰত উতলাবলৈ দিয়ে ।

সেই সময়ত ঘৰত আলহী থকাৰ বাবে খন্তেক সময়ৰ বাবে অন্য কামত ব্যস্ত হৈ পৰে মহিলাগৰাকী । তেনে সময়তে সুযোগ বুজি প্ৰৱঞ্চকৰ দলটোৱে সকলো গহনা কুকাৰ পৰা উলিয়াই নি খালি কুকাৰৰ ঢাকোন মাৰি থয় আৰু দহ মিনিট পিছত ঢাকোন খুলিবলৈ কৈ মুছাৰফ আলীৰ ঘৰৰ পৰা উধাও হয় । দহ মিনিট পিছত মহিলাগৰাকীয়ে কুকাৰৰ ঢাকোন খুলি চোৱাতহে প্ৰৱঞ্চকে অলংকাৰবোৰ লৈ যোৱাৰ উমান পায় ।

লগে লগে ঘৰখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । গাঁৱৰ ৰাইজে চাৰিওফালে প্ৰৱঞ্চকৰ দলটোৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ নাপায় । অতি মূল্যৱান অলংকাৰখিনি হেৰুৱাই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে পাৰবিন চুলতানা নামৰ মহিলাগৰাকীয়ে । এনে এক পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবলৈ বৰ্তমান সকলোৱে সজাগ হৈ থকা প্ৰয়োজন ।

লগতে পঢ়ক:প্ৰশাসনৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠিছে কলিয়াবৰ পৰ্য‍টনে

Last Updated : Jan 23, 2021, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.