দলগাঁও, ১৪ নৱেম্বৰ: দৰং আৰক্ষীৰ বৃহৎ সাফল্য ৷ দৰং জিলাৰ দলগাঁও আৰক্ষীৰ অভিযানত বুধবাৰে নিশা বুজন পৰিমাণৰ নিচাযুক্ত গাঞ্জা জব্দ কৰা হয় । ঘটনাৰ বিৱৰণী মতে, দলগাঁও আৰক্ষীয়ে নিশা অভিযান চলাই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী ডি আই গাড়ীৰ পৰা জব্দ কৰে এই গাঞ্জাখিনি । লগতে জব্দ কৰা গাড়ীখনৰ নম্বৰ হৈছে-এ এচ 27 চি 5364 ৷ উক্ত অভিযানত প্ৰায় 38 কিল'গ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ লগতে আৰক্ষীয়ে আটক কৰে দুই গাঞ্জা সৰবৰাহকাৰীক । ইতিমধ্যে আটকাধীন হোৱা গাঞ্জা ব্যৱসায়ী দুজন হ’ল-বেছিমাৰীৰ শুকুৰ আলি আৰু আশাদুল হক ৷ সম্প্ৰতি দলগাওঁ আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে । বিগত কিছুদিন ধৰি চলি অহা এই কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা ভূমিকাৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷ চোৰাংচোৱাৰ সূত্ৰৰ ভিত্তিতে এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷
লগতে চাওক:গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণেই আৰ্থিক বিকাশৰ চাবিকাঠী