ETV Bharat / state

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অঞ্চল

উদ্যানখনৰ ২৪ টাকৈ বন শিবিৰ ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত বন কৰ্মীসকলে খোজকাঢ়ি আৰু টুলুঙা নাও আদিৰে বন্য-জীৱ জন্তুক সুৰক্ষা দিয়াৰ কামত নিয়োজিত হৈ আছে । পানীত বুৰ যোৱা বন শিবিৰসমূহত জিলা বন বিভাগৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

author img

By

Published : Jul 14, 2020, 5:55 PM IST

Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ওৰাং, 14 জুলাইঃ প্ৰলয়ংকাৰী বানত বিধ্বস্ত ৰাজ্যৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ বানে প্লাৱিত কৰিছে উদ্যানখনৰ বিস্তৃত অঞ্চল ৷ বছৰৰ দ্বিতীয়টো বানৰ কবলত পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰায় ৭৫ শতাংশ বনাঞ্চল । ব্ৰহ্মপুত্ৰৰ নৈ-উপনৈসমূহৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত উদ্যানখনৰ বিস্তৃত এলেকা পানীত ডুব গৈছে ৷ ফলশ্ৰুতিত উদ্যানখনৰ বন্য জীৱ-জন্তুৰ জীৱনলৈ ভাবুকি আহি পৰিছে ।

বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তৃত অঞ্চল

লগতে পঢ়কঃ মুকলি আকাশৰ তলত মানস কোঁৱৰ

তথ্য অনুসৰি,উদ্যানখনৰ ২৪ টাকৈ বন শিবিৰ ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত বন কৰ্মীসকলে খোজকাঢ়ি আৰু টুলুঙা নাও আদিৰে বন্য-জীৱ জন্তুক সুৰক্ষা দিয়াৰ কামত নিয়োজিত হৈ আছে । পানীত বুৰ যোৱা বন শিবিৰসমূহত জিলা বন বিভাগৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উল্লেখ্য যে,ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানৰ কোবাল সোঁতে দুটাকৈ পহু উটুৱাই লৈ যায় যদিও বান পীড়িত ৰাইজে পহু দুটা উদ্ধাৰ কৰি পুনৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীক চমজাই দিয়ে। ইফালে উদ্যানৰখনৰ জীৱ জন্তুসমূহে দিক-বিদিক হেৰুৱাই ওখ ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.